কাৰাবন্দী অখিল গগৈৰ বিনম্ৰ আহ্বান:মোৰ জমা টকা নাই,মোক আৰ্থিকভাৱে সহায় আগবঢ়াওক

1 min read

অসমবাসীলৈ কাৰাবন্দী নেতা অখিল গগৈৰ এক বিনম্ৰ আহ্বান।কাৰাবন্দী নেতাগৰাকীৰ এই আহ্বানৰ কথা ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই সদৰী কৰে।

 

অখিল গগৈয়ে কয়, “মই বিধানসভাত অসমবাসী ৰাইজৰ মুখপাত্ৰ হ’ব খোজো।মই বিধানসভাত চৰকাৰৰ জাতিদ্ৰোহী প্ৰতিটো কামৰ বিৰুদ্ধে সিংহৰ দৰে গৰজি উঠিব খোজো।

বিধিগতভাৱে এজন প্ৰাৰ্থীৰ নিৰ্বাচনৰ খৰচ নিৰ্ধাৰণ কৰা হৈছে ৩০ লাখ।মই যিহেতু কাৰাৰুদ্ধ হৈ আছো আৰু মোৰ কোনো জমা টকা নাই।সেয়েহে অসমবাসী সকলো নাগৰিককে মোক আৰ্থিকভাৱে সহায় আগবঢ়াবলৈ অনুৰোধ জনাইছো।

 

যিসকলে ভোট যুদ্ধৰ বাবে মোক দান-বৰঙণি দিব খোজে তেখেতসকলে বেংক একাউণ্টত সেই ধন জমা দিব পাৰিব।‘

You May Also Like

More From Author