Advertisement

অম্বুবাচী মেলাত বাবাৰূপী চোৰৰ সন্ত্ৰাস:মহিলাৰ ডিঙিৰ পৰা কাটি নিছে চেইন

অম্বুবাচী মেলাত বাবাৰূপী চোৰৰ সন্ত্ৰাস:মহিলাৰ ডিঙিৰ পৰা কাটি নিছে চেইন

অম্বুবাচী মেলাত বাবাৰূপী চোৰৰ সন্ত্ৰাস।মেলাত বহিঃৰাজ্যৰ চোৰৰ দল কৰায়ত্ত কৰা হৈছে।৫গৰাকী মহিলা আৰু এজন বাবাক আটককৰা হৈছে।ভক্তৰ পৰা চুৰি কৰিছিল সোণৰ চেইন,পইচা।মেলাত পুৰুষৰ বেশত মহিলা চোৰৰ লুটপাত।খোজ কাঢ়ি থকা মহিলাৰ ডিঙিৰ পৰা সৰু সৰু কাটাৰেৰে কাটি নিছে চেইন।

কামাখ্যাত আধা ঘণ্টাৰ ভিতৰতে ৬গৰাকী মহিলাৰ চেইন চুৰি হৈছে।আৰক্ষীয়ে এই দিশত অনুসন্ধান কৰি আজি ধৰা পেলায় ৫গৰাকী মহিলাক।আটাইকেইগৰাকী দাক্ষিণাত্যৰ বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে,অম্বুবাচী মেলাত দৈনিক চুৰিকাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছিল।এগৰাকীৰ পিছত আনগৰাকীৰৰ ডিঙিৰ সোণৰ চেইন চুৰি হৈছে কামাখ্যাত।

Shahnawaz Hamza

Related