অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে আৰু এটা নতুন গোচৰ ৰুজু

1 min read
  • অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে আন এটা গোচৰ ৰুজু।
  • বুধবাৰে পুৱা তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ যোৱা আৰক্ষীক বাধা দিছিল ৰিপাব্লিকৰ মুখ্য সম্পাদকগৰাকীয়ে।
  • কৰ্তব্যৰত আৰক্ষীক বাধা দিয়াৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছে এটা গোচৰ।
  • এন এম যোশী মাৰ্ক থানাত এই গোচৰ ৰুজু কৰা হৈছে।
  • মুম্বাই আৰু ৰায়গড়ৰ আৰক্ষীয়ে ২০১৮চনৰ আত্মহত্যাৰ এক গোচৰত গ্ৰেপ্তাৰ কৰিবলৈ গৈছিল গোস্বামীক।
  • জোৰজবৰদস্তি অৰ্ণৱ গোস্বামীক আটক কৰিছিল প্ৰায় ৩০-৪০ জনীয়া এটা বৃহৎ দলে।
  • অৰ্ণৱ গোস্বামীক ১৪ দিনৰ জিম্মাত বিচাৰিছিল মুম্বাই আৰক্ষীয়ে।
  • আৰক্ষীৰ দাবী এই গুৰুত্বপূৰ্ণ গোচৰত বহু তথ্য আৰু অগ্ৰগণী লাভ কৰিছে।
  • অৰ্ণৱ গোস্বামী আৰক্ষীৰ জিম্মাত নাথাকিলে প্ৰভাৱ খটুৱাই গোচৰ বিপথে পৰিচালিত কৰিব পাৰে বুলি যুক্তি দৰ্শাইছে।
Source: AsomiyaPratidin

You May Also Like

More From Author