25.5 C
Assam
Wednesday, February 8, 2023

Featured News

গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ; মহানগৰবাসীৰ বৃদ্ধি পাইছে শ্বাহ – প্ৰশ্বাস জনিত বেমাৰ!

দক্ষিণ-পূৰ্ব এছিয়াৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ ৷ দিনক দিনে...

মহানগৰীত পুনৰ সংঘটিত জঘন্য ধৰ্ষণকাণ্ড,ধৰ্ষণৰ বলি ১৩ বছৰীয়া কিশোৰী

বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ লৈ থকাৰ...

মহা শিৱৰাত্ৰিত নলবাৰীত মুকলি হ’ব ৯১ ফুট উচ্চতাৰ মহাদেৱৰ মূৰ্তি!

মহাশিৱৰাত্ৰিৰ দিনটোতে নলবাৰীত ৰাইজৰ বাবে মুকলি হ’ব...

বলীউডত অসমীয়াৰ দপদপনি; চলচ্চিত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰিছে দিগন্ত হাজৰিকাই

Assamese Newsবলীউডত অসমীয়াৰ দপদপনি; চলচ্চিত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰিছে দিগন্ত হাজৰিকাই

‘পাঠান’ত শ্বাহৰুখ খান, জন আব্ৰাহমৰ লগত অভিনয় কৰাৰ সুযোগ পালে অসমৰ দিগন্ত হাজৰিকাই৷ ছবিখনৰ মুক্তিৰ এদিন পূৰ্বে শ্বাহৰুখ-দীপিকাৰ সৈতে ছ’চিয়েল মিডিয়াত ফটো শ্বেয়াৰ হ’ল দিগন্তৰ৷

উল্লেখ্য যে বলীউডত এয়া প্ৰথম খোজ নহয় দিগন্তৰ৷ ইয়াৰ পূৰ্বে ২০১৬ চনত মুক্তি লাভ কৰা হৃত্বিক ৰোচনৰ সৈতে মহেঞ্জোদাৰোত অভিনয় কৰাৰ সুযোগ পাইছিল অভিনেতাজনে৷ মহেঞ্জোদাৰোত সাৱলীল অভিনয়ৰে বলীউডৰ প্ৰযোজক-পৰিচালকৰ দৃষ্টি আৰ্কষণ কৰিবলৈ সক্ষম হৈছিল অসম সন্তানজনে৷

দিগন্তৰ বাবে এই যাত্ৰা খুব সহজ নাছিল যদিও নিজৰ কষ্টৰ বলত বলীউডত চিনাকী দিয়াৰ সুযোগ পাইছে তেওঁ৷ কঠোৰ পৰিশ্ৰম, একাগ্ৰতাৰ বলত বলীউডৰ কিং খানৰ সৈতে অভিনয় কৰাৰ সুযোগ লাভ কৰিছে দিগন্তই৷ দিগন্তৰ এই যাত্ৰা আছিল অসমীয়া ধাৰাবাহিকৰ পৰা বলীউডলৈকে৷ ২০০৯ চনৰ অভিনয় জগতত প্ৰৱেশ কৰিছিল দিগন্তই৷ নগাঁৱৰ পুৰণিগুদামত জন্মগ্ৰহণ কৰা দিগন্তই প্ৰথমে মডেলিঙৰ জৰিয়তে ছবিজগতত প্ৰৱেশ কৰিছিল৷ ‘কি নাম দি মাতিম’ চুটি ছবিখনৰ জৰিয়তে অভিনয় জগতত প্ৰৱেশ কৰিছিল দিগন্ত হাজৰিকাই৷ তাৰ পিছত ৰিছাং, ৰ’দ, গ্ৰহণ, অনুৰাধা, মহেঞ্জোদাৰো (হিন্দী বোলছবি), দ্য আণ্ডাৰৱৰ্ল্ড, প্ৰতিঘাট আৰু শেহতীয়াকৈ ‘পাঠান’ত (হিন্দী বোলছবি) কাম কৰিছে হাজৰিকাই৷

বিতৰ্কৰ বাবে দিগন্তৰ এই খবৰটোৱে খুব গুৰুত্ব পোৱা নাই যদিও এই খবৰটো জনাৰ পিছত নিশ্চয়কৈ অসমবাসীয়ে গৌৰৱ অনুভৱ কৰিছে৷ চিনেমাক লৈ বিতৰ্ক চলি আছে, চলি থাকিব৷ তাৰ মাজতে এই খবৰটোৱে অসমবাসীক গৌৰাম্বিত কৰিব যে বলীউডতো চলিছে এতিয়া অসমীয়াৰ দপদপনি৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!