‘অনুৰ’ মুক্তিৰ বাবে ছবিগৃহ বিচাৰি পোৱা নাই প্ৰযোজক-পৰিচালকে

1 min read

ডাঃ গােপেন্দ্র মােহন দাসৰ শিৱম ক্রিয়েচনৰ প্রযােজনাত একাদিক্রমে ‘কেকটাচ’ আৰু ‘কানীন’ নামৰ দুখন চলচ্চিত্র নির্মাণৰ পাছত বিশিষ্ট সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ এটি চুটি গল্পৰ আধাৰত যুৱ পৰিচালক মঞ্জুল বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত ‘অনুৰ'(Eyes on the Sunshine) চলচ্চিত্রখনৰ মুক্তিক লৈ বিপাঙত পৰিছে টীম অনুৰ। এই চলচ্চিত্ৰখন ২৭ জানুৱাৰীত চিত্ৰগৃহলৈ অহাৰ কথা যদিও বলীউডৰ বহুল চৰ্চিত কিং খান অভিনীত ‘পাঠান’ চলচ্চিত্ৰখনে এতিয়া ‘অনুৰ’ মুক্তিত হেঙাৰ হিচাপে থিয় দিছে। চলচ্চিত্ৰ মুক্তিৰ বাবে ছবিগৃহ বিচাৰি এতিয়া হাবাথুৰি খাবলগীয়া হৈছে টীম অনুৰে।

এই সম্পৰ্কে চলচ্চিত্ৰখনৰ পৰিচালক মঞ্জুল বৰুৱাই ‘আমাৰ অসম’ ক কয়- আমি ২৭ জানুৱাৰী ‘অনুৰ ‘ মুক্তি দিয়াৰ কথা আছিল যদিও বলিউডৰ ‘পাঠান’ চলচ্চিত্ৰখনৰ বাবে আমি এতিয়া ছবিগৃহত শ্ব’ বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে। চলচ্চিত্ৰখন যাৱতীয় কাম-কাজ সম্পূৰ্ণ হৈ উঠিছে। আমি বিগত বর্ষৰ ২৪ মে’ত ইউ এফ অ’ লৈ মেইল কৰিছিলোঁ। সেইদৰে বিগত বৰ্ষৰ ২৩ আগষ্টত বহুকেইজন বিশিষ্ট শিল্পীৰ উপস্থিতিত চলচ্চিত্ৰখনৰ ‘পোষ্টাৰ’ মুকলি কৰিছিলোঁ। সম্প্ৰতি চলচ্চিত্ৰখনৰ প্ৰচাৰ আমি ৰাজ্যজুৰি চলাই আছোঁ। বিগত বৰ্ষৰ ডিচেম্বৰ মাহত বলিউদৰ চলচ্চিত্ৰ ‘অৱতাৰ’ মুক্তিৰ পাছত আমি সকলো চাই চিতি ২৭ জানুৱাৰীত চলচ্চিত্ৰখন মুক্তিৰ বাবে দিন ধার্য কৰোঁ। প্ৰথমতে আমি বিতৰকৰ সৈতে কথা পাতিছিলোঁ, সকলো ঠিক কৰিছিলোঁ।

কিন্তু ২৫ জানুৱাৰীত মুক্তি লাভ কৰা বলিউডৰ চলচ্চিত্ৰ ‘পাঠান’ৰ ভাল ব্যৱসায়ৰ দোহাই দি তথা কৰ্মচাৰীক দৰমহা দিয়াৰ অজুহাত দেখুৱাই অল আছাম চিনেমা হল অনাৰ্চ এছ’চিয়েচনৰ সভাপতি চিন্ময় শৰ্মা আৰু সম্পাদক ৰাজীৱ বৰাই সাংস্কৃতিক মন্ত্ৰী বিমল বৰাক একপক্ষীয়ভাৱে তেওঁলোকৰ সুবিধা-অসুবিধাখিনি মাথোঁ জনালে। তেওঁলোকে ‘পাঠান’ৰ ভাল ব্যৱসায়ৰ বাবে এতিয়া আমাক এটাও শ্ব’ নিদিব বুলি কৈছে। চৰকাৰী নীতি অনুসৰি অসমীয়া চলচ্চিত্ৰক এটা প্ৰাইম টাইম শ্ব’ দিব লাগে। সদায় কিয় অসমীয়া চলচ্চিত্ৰৰ মুক্তিক লৈ এনেকুৱা হয়। এই চলচ্চিত্ৰখনৰ সৈতে বলিউডৰ বহু খ্যাতি সম্পন্ন অভিনেতা আছে লগতে অসমৰো কেইবাজনো বিশিষ্ট অভিনেতাই অভিনয় কৰিছে। তেওঁলোকৰ কোনো মূল্য নাই নেকি? আমি এটা নিৰ্দিষ্ট দিন মুক্তিৰ বাবে থিৰাং কৰাৰ পাছত আমাক ‘অৱতাৰৰ’ পাছত খালি থকা সময়ত চলচ্চিত্ৰখন মুক্তি নিদিয়াৰ তেওঁলোকে প্রশ্ন কৰাটো হাস্যকৰ।

আনহাতে চলচ্চিত্ৰখনৰ সাজসজ্জাৰ দায়িত্বত থকা বিশিষ্ট ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গে এই সম্পৰ্কে কয়-ইতিমধ্যে চলচ্চিত্ৰখৰ পোষ্টাৰ, টিজাৰ, ট্ৰেইলাৰ মুকলি কৰা হৈছে। ‘পাঠান’ চলচ্চিত্ৰখন হঠাৎ মুক্তি লাভ কৰি আমাৰ চলচ্চিত্ৰখন মুক্তিত এতিয়া হেঙাৰ হিচাপে থিয় দিছে। পাঠান’ চলচ্চিত্ৰখনৰ বাবে এতিয়া অসমত এখন অসমীয়া চলচ্চিত্ৰত ছবিগৃহৰ মালিক পক্ষই শ্ব’ দিব বিচৰা নাই। এই কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয়।’

সম্প্ৰতি দেশ-বিদেশৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত তথা সমাদৃত ছবিখনিৰ সংগীত পৰিচালনা কৰিছে বিশিষ্ট শিল্পী তৰালি শৰ্মাই। ছবিখনত সংযোজিত তৰালি শৰ্মাৰ দুয়োটা গীতত কণ্ঠদান কৰিছে ৰূপম ভূঞা আৰু তৰালি শৰ্মাই। মূলতঃ বৃদ্ধাৱস্থাত একাংশ পিতৃ-মাতৃয়ে নিজৰ সন্তান থকাৰ পাছতো কেনেদৰে নিসংগ হৈ পৰে আৰু সেই শোক-সন্তাপবোৰ কেনেদৰেউ অবদমন কৰি থাকিবলগীয়া হয় তাকেই মূল বিষয়বস্তু হিচাপে লৈ ছবিখনৰ চিত্ৰনাট্য-সংলাপ লিখিছে পৰিচালক মঞ্জুল বৰুৱাই। চিনেমাটোগ্ৰাফী সুমন দুৱৰাৰ। ছাউণ্ড ডিজাইন কৰিছে অমৃত প্ৰীতমে। সাজসজ্জা গৰিমা শইকীয়া গাৰ্গৰ। মেকআপ আৰ্টিষ্ট তীব্ৰজ্যোতি বৈৰাগী। ছবিখনি সম্পাদনা কৰিছে টুৱেনচাঙে। ৰি-ৰেকৰ্ডিং আৰু মিক্সিং কৰিছে দেবাজিৎ চাংমাইয়ে। পোষ্টাৰ ডিজাইন কৰিছে ৰিতুপৰ্ণ বৰাই। ‘অনুৰ’ ত অভিনয় কৰিছে ক্ৰমে- বলীউডৰ জনপ্ৰিয় শিল্পী ৰজত কাপুৰ, ড° জাহানাৰা বেগম, বলোৰাম দাস, উদয়ন দুৱৰা, ৰাজশ্ৰী শৰ্মা, বিদ্যা ভাৰতী, বিভূতি ভূষণ হাজৰিকা, মানস দাস, ড° জয়ন্ত দাস, আখ্যা জে.কাশ্যপ, ময়ূৰ জি.দাস, শ্ৰুতিমালা শইকীয়া, কুল কুলদীপ, ৰয়ন্তী ৰাভা, মিতু বি. কাশ্যপ, দ্ৰুপদ দাস, অঞ্জনাভ ৰাজখোৱা আদিয়ে।

You May Also Like

More From Author