বেজী-সূতাৰে গুৰুজনাৰ অমৰ সৃষ্টি গামোচাত লিপিৱদ্ধ: অসম বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভূক্ত

1 min read

চেষ্টাৰ অসাধ্য একো নাই ৷ এইবাৰ তাকে কৰি দেখুৱালে বাক্সাৰ এগৰাকী যুৱকে ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অমৰ সৃষ্টি “কৰতল কমল” কবিতাটিক নিজৰ শিল্প কৰ্মৰ জৰিয়তে উপস্থাপন কৰি অসম বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হয় জিলাৰ বৰিমাখাৰ যুৱক জ্যোতিষ শৰণীয়াই ৷ পেচাত এগৰাকী শিক্ষক শৰণীয়াই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ল’ৰালি কালতে ৰচনা কৰা “কৰতল কমল” নাম বিখ্যাত কবিতাটি বেজী আৰু সূতাৰে গামোচাত লিপিৱদ্ধ কৰি এই সন্মান আজুৰি আনিবলৈ সক্ষম হয় ৷ বৰ্তমান নমাটি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক হিচাপে কৰ্মৰত জ্যোতিষ শৰণীয়া সৰুৰে পৰা চিত্ৰ শিল্পৰ প্ৰতি ধাউতি আছিল ৷ পিচত স্থানীয় বৈদ্যশ্ৰী সংগীত মহাবিদ্যালয়ৰ পৰা ফাইন আৰ্টছৰ ডিপ্ল’মা গ্ৰহণ কৰি চিত্ৰ শিল্পৰ সৈতে জড়িত হৈ পৰিছিল ৷ চিত্ৰ শিল্পৰ লগতে জ্যোতিষে সূতা আৰু বেজীৰেও কাম কৰিছিল ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন দৰ্শণৰ প্ৰতি আকৃষ্ট শৰণীয়াই নমাটি মধ্য ইংৰাজী বিদ্যালয়ৰ পূৰ্বে আন এখন বিদ্যালয়ত শিক্ষকতা কৰিছিল ৷ সেই বিদ্যালয়ৰ পৰা বিদায় লোৱাৰ দিনা উপহাৰ হিচাপে পোৱা গামোচাখন স্মৃতি ৰূপে জীয়াই ৰখাৰ মানসেৰে লিপিৱদ্ধ কৰিলে মহাপুৰুষ জনাই ৰচনা কৰা জীৱনৰ প্ৰথমটি কবিতা ৷ মাত্ৰ ২৪ ঘন্টাৰ ভিতৰতে মহাপুৰুষ জনাই ৰচনা কৰা কবিতাটি সূতাৰে লিপিৱদ্ধ কৰিছিল জ্যোতিষ শৰণীয়াই ৷ পিচত তেওঁৰ সকলো শিল্পকৰ্মৰ তথ্য অসম বুক অৱ ৰেকৰ্ডছলৈ প্ৰেৰণ কৰাত বিভাগটোৱে তেওঁৰ শিল্পকলাক স্বীকৃতি প্ৰদান কৰে ৷ নিজৰ নাম এনেদৰে অসম বুকচ অৱ ৰেকৰ্ডছত লিপিৱদ্ধ কৰিবলৈ পাই উৎসাহিত হোৱা জ্যোতিষে ভৱিষ্যতে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম লিপিৱদ্ধ কৰিবলৈ পৰিকল্পনা কৰা বুলি জানিব দিয়ে ৷ DB News

You May Also Like

More From Author