25.6 C
Assam
Friday, August 12, 2022

Featured News

Regional Committee Meet on Assam-Arunachal border dispute held in Guwahati

The Assam government is collaborating closely with...

ওদালগুৰিত ঘৰে ঘৰে তিৰংগা পতাকাৰ উদ্দেশ্যেৰে বাইক ৰেলী

এইবেলি ৭৫ তম স্বাধীনতা দিৱসটি অমৃত মহোৎসৱ...

মালিগাঁৱত ভুৱা চিকিৎসকক গ্রেপ্তাৰ

Assamese Newsমালিগাঁৱত ভুৱা চিকিৎসকক গ্রেপ্তাৰ

গুৱাহাটীৰ মালিগাঁৱত আজি জালুকবাৰী আৰক্ষীয়ে অভিযান চলাই এগৰাকী ভুৱা চিকিৎসকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ মালিগাঁৱৰ ১নং গেটৰ ৰেডিয়েঞ্চ এইচ কিউ নামেৰে চেম্বাৰ খুলি বিহাৰৰ অজিত কুমাৰ নামৰ ভুৱা চিকিৎসকজনে বিগত ছমাহ ধৰি চিকিৎসা চলাই আহিছিল৷ স্কিন কেয়াৰ ইউনিটৰ ফলক লগাই এম বি বি এছ, ডার্মেটল’জীৰ (এমডি) স্কিন, এছটিডি, লেজাৰ, অবেচিটি আৰু চুলিৰ চিকিৎসা প্রদান কৰি আহিছিল৷ আর্য হাস্পতালৰ চিকিৎসক অভিজিৎ নেওগৰ এজাহাৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে ভুৱা চিকিৎসক অমিত কুমাৰক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে চেম্বাৰখনত তালাচী চলাই ঔষধ–পাতি, এ এছ–০১ এ পি–৬৩৮৭ নম্বৰৰ বাহনখন জব্দ কৰে৷ লগতে ভুৱা চিকিৎসক অমিত কুমাৰৰ সহযোগী হিতেশ দাসকো আটক কৰি আৰক্ষীয়ে সোধা–পোছা অব্যাহত ৰাখিছে৷ ধৃত ভুৱা চিকিৎসক অমিতে টংলা আৰু বঙাইগাঁৱতো চেম্বাৰ খুলি চিকিৎসা প্রদান কৰি আহিছিল৷ Niyomiya Barta

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: