জু-ৰোডৰ SND পাৰ্লাৰত সোণমণিয়ে চলাইছিল বে-আইনী বেহা, আৰক্ষীয়ে উঠাই আনিলে ৮জনী যুৱতী-মহিলাক
গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা। ৰাজধানী গুৱাহাটীৰ জু-ৰোডৰ ‘স্পা এণ্ড পাৰ্লাৰ’ত চলি আছিল নিৰ্লজ্জ কাৰবাৰ। পুনৰ চৰ্চালৈ আহিছে গুৱাহাটীৰ ‘স্পা এণ্ড বিউটি পাৰ্লাৰ’ত চলি অহা বেআইনী কৰ্মকাণ্ডৰ খবৰ। একাংশ পাৰ্লাৰত চলি অহা অনৈতিক কাৰ্যকলাপৰ তালিকাত আছিল জু তিনিআলিৰ SND বিউটি পাৰ্লাৰ।
ব্যস্ত ৰাজপথৰ পৰা দেখিলে ধৰিবই নোৱাৰি এনে পাৰ্লাৰৰ ভিতৰত প্ৰকৃততে চলি আছে কি? পিছে শনিবাৰে নিশা গীতানগৰ আৰক্ষীৰ অভিযানকাৰী দল এটাই পাৰ্লাৰখনত প্ৰৱেশ কৰি হ’ল হতবাক। স্পাখনৰ পৰা আৰক্ষীয়ে আটক কৰিলে যুৱতী মেনেজাৰ, কেয়াৰটেকাৰসহ ৯ যুৱতীক। দীৰ্ঘদিনৰপৰা যুৱতী-মহিলাক কৰ্ম সংস্থাপন দিয়াৰ নামত গাঁৱৰ সহজ-সৰল যুৱতীক কেইটামান টকা দি দেহ ব্যৱসায়ত লিপ্ত কৰোৱা স্পাৰ অভিযুক্ত মালিক সোণমণি দাস।
পুৱাৰ পৰা মাজনিশালৈকে বিউটি পাৰ্লাৰ খুলি যৌনতাৰ বেপাৰ চলোৱা সোণমণি দাস ওৰফে মুন এতিয়া পলাতক। পিছে আৰক্ষীয়ে ধৰিলে চক্ৰটোৰ মাষ্টাৰমাইণ্ড সোণমণিৰ যুৱতী মেনেজাৰ, কৰ্মচাৰী অনিল বড়োক। জু-তিনিআলিৰ সমীপৰ এটা এপাৰ্টমেণ্টৰ প্ৰথম মহলাত থকা ‘স্পা এণ্ড বিউটি পাৰ্লাৰ’ত শনিবাৰে নিশা অভিযান চলাইছিল স্থানীয় গীতানগৰ আৰক্ষীয়ে।
তদন্তত পোহৰলৈ আহিছে প্ৰতিঘণ্টাত গ্ৰাহকৰ দৰ ১৫০০-৩০০০ টকা। ধৃত যুৱতী মেনেজাৰ আৰু কেয়াৰটেকাৰ অনিলে স্পাখনলৈ লৈ যায় গ্ৰাহকক। মুঠতে সোণমণিৰ নেতৃত্বত চলা এই বেআইনী বেপাৰত খোজ দি ফঁচি গৈছিল ভুক্তভোগী ৮ যুৱতী।
ইতিমধ্যে, ৮ ভুক্তভোগী যুৱতীক আৰক্ষীয়ে নিশা থানাত বহুৱাই দেওবাৰে দুপৰীয়া গতাই দিয়ে স্বেচ্ছাসেৱী ‘সখী’ সংগঠনক। আৰক্ষীয়ে পাৰ্লাৰখনৰ মেনেজাৰ যুৱতী আৰু কৰ্মচাৰী অনিল বড়োক হাজিৰ কৰাই আদালতত। ইফালে, ৰহস্যময়ী ‘স্পা এণ্ড পাৰ্লাৰ’খনৰ গৰাকী মুন ওৰফে সোণমণি দাসক বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান।