কামাখ্যা ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ সোণ..

কামাখ্যা ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ সোণ..

মহানগৰীৰ কামাখ্যা ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ সোণ। নামনি কাজিৰঙা এক্সপ্ৰেছৰ পৰা জব্দ কৰা হৈছে সোণখিনি। কামাখ্যা জিআৰপিৰ নিয়মীয়া তালাচীত বিকাশ গোৱেল নামৰ এজন লোকৰ পৰা জব্দ কৰা হয় বিস্কুটৰ ৰূপত থকা সোণখিনি (Gold Seized in Guwahati)।

জানিব পৰা মতে, ধৃত লোকজনক পল্টনবজাৰস্থিত বিশালৰ সমীপত এজন লোকে দিছিল সোণৰ বিস্কুটখিনি। গুৱাহাটীৰ পৰা নতুন দিল্লীলৈ যোৱাৰ পৰিকল্পনা আছিল সোণখিনি লৈ। উল্লেখ্য, ধৃত লোকজন দিল্লীৰ ৰোহিণীৰ বাসিন্দা। জব্দকৃত সোণখিনিৰ ওজন ৮৪০ গ্ৰাম। কোনে সোণখিনি দিছিল সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে জিআৰপিয়ে।

GTM Desk

Related