উৎকোচ লৈ থাকোতেই দুৰ্নীতি নিবাৰক শাখাৰ জালত ডকমকা থানাৰ অ’চি..

উৎকোচ লৈ থাকোতেই দুৰ্নীতি নিবাৰক শাখাৰ জালত ডকমকা থানাৰ অ’চি..

চৰকাৰী ক্ষমতাৰ অপব্যৱহাৰ কৰি অবৈধ প্ৰক্ৰিয়াৰে কোৰোণাৰে ধন চপোৱা একাংশ দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে ধাৰাবাহিক অভিযান ৷ বৃহস্পতিবাৰেও চাৰি হাজাৰ টকাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হʼবলগীয়া হʼল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক তথা কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সনৎ কুমাৰ মুদৈ । ডকমকা থানা এলেকাৰে যাতায়াত কৰা ৰড-চিমেন্ট কঢ়িওৱা এখন ট্ৰাকৰ পৰা ৪০,০০০ টকাৰ উৎকোচ দাবী কৰে আৰক্ষী বিষয়াগৰাকীয়ে । উক্ত ধন প্ৰদানত অনিচ্ছুক ব্যৱসায়ীগৰাকীয়ে তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ কাষ চাপে । আৰক্ষী বিষয়া মুদৈয়ে দাবী কৰা ধনৰ চাৰি হাজাৰ টকাৰ উৎকোচ গ্ৰহণ কৰাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ লোকে হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । পৰৱৰ্তী সময়ত দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে আৰক্ষী বিষয়াগৰাকীৰ থানা চৌহদত থকা চৰকাৰী আৱাসত তালাচী চলাই নগদ ১৭,৭৪,৫০০ টকা জব্দ কৰিবলৈ সক্ষম হয় । তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই আৰক্ষী বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰি দুৰ্নীতি নিবাৰক শাখাৰ থানাত ৮২/২০২৩ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰিছে ।

 

 

GTM Desk