ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্যা উমা চেত্ৰীক মুখ্যমন্ত্ৰীৰ সম্বৰ্ধনা

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্যা উমা চেত্ৰীক মুখ্যমন্ত্ৰীৰ সম্বৰ্ধনা

অসম কন্যা তথা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ প্ৰতিভাৱান খেলুৱৈ ক্ৰিকেটাৰ উমা চেত্ৰীক শণিবাৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত সম্বৰ্ধনা জনায় ৷

অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈৰ উপস্থিতিত যুৱ মহিলা ক্ৰিকেটাৰ গৰাকীক ১০ লাখ টকাৰ সাহাৰ্যৰ চেক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰে ৷

এই উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী পৰিমলশুক্ল বৈদ্য, জয়ন্তমল্ল বৰুৱ,বিমল বৰা,ইউ জি ব্ৰক্ষ্ম আৰু ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচা সহ জ্যেষ্ঠ আমোলা ৷

GTM Desk