দীৰ্ঘেশ্বৰী দেৱালয়ৰ নাতি-দূৰত স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডক লৈ প্ৰতিবাদ…
উত্তৰ গুৱাহাটী পৌৰসভাৰ কাণ্ড-জ্ঞানহীন কৰ্মই হতবাক কৰিছে সচেতন মহলক
ঐতিহাসিক দীৰ্ঘেশ্বৰী দেৱালয়ৰ নাতি-দূৰত স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডএ বিপদ মাতিছে অঞ্চলটোৰ আৱাসিক সকলৰ লগতে বিপদাপন্ন হৈছে পক্ষীকুল ।
বিনষ্ট হৈছে অঞ্চলটোৰ পৰিৱেশ পাৰ্শ্বিকতা ।
এসময়ৰ চৰণীয়া পথাৰ আৰু বনভোজ স্থলীৰ বৰ্তমান কদৰ্যময় ৰূপ ।
মৃত্যুমুখত পৰিছে বহুতো পশুধনৰ লগতে ঐতিহাসিক শিলগুৰি বিলৰ মাছ আৰু অন্যান্য জলচৰ প্ৰাণী ।
অবৰ্জনাৰ দুৰগোন্ধ দীর্ঘেশ্বৰী মন্দিৰৰ ভোগ গৃহলৈ বিয়পি পৰাত অস্বাস্থ্যকৰ হৈ পৰিছে মন্দিৰটোৰ ভোজনালয়ৰ পৰিৱেশ ।
ইয়াৰ প্ৰতিবাদতেই প্ৰায় পাঁচশতাধিক লোকৰ উপস্থিতিত দীর্ঘেশ্বৰী বজাৰৰ গৃহত অনুষ্ঠিত হয় এক ৰাজহুৱা সভা ।
ঐতিহাসিক দীর্ঘেশ্বৰী দেৱালয় পৰিচালনা সমিতিৰ আহ্বানক্ৰমে অনুষ্ঠিত হোৱা এই সভাত, লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
উপস্থিত ৰাইজে ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰাৰ শ্ল’গান দিয়াৰ লগতে হুংকাৰ প্ৰদান কৰে উত্তৰ গুৱাহাটী পৌৰসভাৰ বিৰূদ্ধে ।