KBC : ‘কৌন বনেগা কৰৌড়পতি’ত হিমন্ত বিশ্ব শৰ্মা! কি প্ৰশ্ন কৰিলে অমিতাভ বচ্চনে?

KBC : ‘কৌন বনেগা কৰৌড়পতি’ত হিমন্ত বিশ্ব শৰ্মা! কি প্ৰশ্ন কৰিলে অমিতাভ বচ্চনে?

ইয়াৰ পূৰ্বেও অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ ‘কৌন বনেগা কৰোড়পতি’ত প্ৰশ্ন কৰা হৈছিল প্ৰতিযোগীক।

জনপ্ৰিয় টেলিভিছন ৰিয়েলিটী শ্ব’ ‘কৌন বনেগা কৰোড়পতি’ প্ৰতিজন দৰ্শকৰে প্ৰিয়। মেগাষ্টাৰ অমিতাভ বচ্চনে পৰিচালনা কৰা এই শ্ব’ৰ ১৫সংখ্যক সংস্কৰণ বৰ্তমান চলি আছে। প্ৰতি বছৰে এই শ্ব’ যেতিয়া আৰম্ভ হয়, ঠিক ৯ বজাৰ লগে লগে দৰ্শকসকল টেলিভিছনৰ সন্মুখত বহি সাজু হয়। এতিয়ালৈ এই অনুষ্ঠানত কেইবাজনো প্ৰতিযোগীয়ে লক্ষাধিক টকা জিকাৰ লগতে এজন প্ৰতিযোগী কোতিপতিও হৈছে।

শেহতীয়াকৈ কেবিচিৰ মঞ্চত এজন প্ৰতিযোগীক অমিতাভ বচ্চনে সুধিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সম্পৰ্কিত এটা প্ৰশ্ন। প্ৰশ্নটো আছিল – ‘যোৰহাটত জন্মগ্ৰহণ কৰা কোনজন মুখ্যমন্ত্ৰী বেডমিণ্টন এছ’চিয়েচন অব ইণ্ডিয়াৰো সভাপতি’? এই প্ৰশ্নৰ উত্তৰৰ বিকল্পসূহ আছিল (A) নবীন পাটনায়ক, (B) ভূপেশ বাঘেল, (C) নীতিশ কুমাৰ আৰু (D) হিমন্ত বিশ্ব শৰ্মা।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ ‘কৌন বনেগা কৰোড়পতি’ত প্ৰশ্ন কৰা হৈছিল প্ৰতিযোগীক। দুবছৰ পূৰ্বে KBCত এজন প্ৰতিযোগীক সোধা হৈছিল – ‘অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰায়ে কোনটো নামেৰে মতা হয়? এই প্ৰশ্নৰ উত্তৰৰ বিকল্পসমূহ আছিল – (A) চাচা, (B) মামা, (C) কাকা আৰু (D) টাউ। প্ৰতিযোগীজনেও দিছিল শুদ্ধ উত্তৰ।

GTM Desk