Advertisement

মহানগৰীৰ ভিআইপিৰ বৰমটৰীয়াত জঘন্য কাণ্ড

মহানগৰীৰ ভিআইপিৰ বৰমটৰীয়াত জঘন্য কাণ্ড

নিজ জন্মদাত্ৰী মাতৃক ট্ৰফীৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে জীয়ৰী, টেনিছ খেলুৱৈ তানিয়া কুমাৰীক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ

মহানগৰীৰ মাজমজিয়াত জঘন্য ঘটনা ৷ শুক্ৰবাৰে নিশা মহানগৰীৰ ভিআই পি পথৰ অভিজাত এপাৰ্টমেণ্ট ‘পূণিৰ্মা মেনচনত তানিয়া কুমাৰী নামৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ গৰাকীয়ে নিজ মাতৃক টেনিছ ট্ৰফীয়ে মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰে ৷ হত্যাৰ বলি হোৱা দুৰ্ভগীয়া মাতৃ গৰাকীৰ নাম মঞ্জু দেৱী ৷

উল্লেখ্য যে লোমহৰ্ষক হত্যাকাণ্ড সংঘটিতৰ সময়ত ঘাতক জীয়ৰী গৰাকীৰ পিতৃ নাছিল বাসগৃহত ৷ পিছত ঘটনাস্থলীত পিতৃ আহি তেজেৰে তুমৰলি হৈ পৰি থকা পত্নীৰ নিথৰ দেহ প্ৰত্যক্ষ কৰি চিঞৰ- বাখৰ কৰে ৷ এই হুলস্থূল শুনি এপাৰ্টমেণ্টটোৰ অন্য আবাসী আহি আৰক্ষীক খবৰ দিয়ে ৷

নিশাই দিছপুৰ আৰক্ষীয়ে ঘাতক তানিয়া কুমাৰীক গ্ৰেপ্তাৰ কৰি পানবজাৰ মহিলা থানালৈ যায় ৷ ঘটনা সন্দৰ্ভত স্থানীয় আবাসীয়ে কোৱা মতে ফ্লেটটোৰ তিনিজনীয়া পৰিয়ালৰ ভিতৰত পিতৃ,মাতৃ আৰু জীয়ৰী ৷ পিতৃ গৰাকী টেনিছ প্ৰশিক্ষক ৷ জীয়ৰীক সৰুৰে পৰা টেনিছ খেলুৱৈ হিচাপে গঢ়ি তোলাত বহু কষ্ট কৰি পৰৱৰ্তী সময়ত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিছিল প্ৰশিক্ষক পিতৃয়ে ৷ এনে এগৰাকী সম্ভাৱনাময় খেলুৱৈৰ হাতত নিজ মাতৃ হত্যাৰ বলী হোৱাত সমগ্ৰ গুৱাহাটীতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

এপাৰ্টমেণ্টৰ আবাসীয়ে জানিব দিয়া মতে ঘটনাৰ দিনা মাতৃৰ স’তে জীয়ৰীৰ তৰ্ক -বিতৰ্ক হোৱা তেওঁলোকে শুনিছিল ৷ কি কাৰণে নিজ জীয়ৰীয়ে জন্মদাত্ৰী মাতৃক টেনিছ খেলত পোৱা ট্ৰফীৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে ৷ এইয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ৷ বৰ্তমান সমগ্ৰ ঘটনা ৰহস্যৰ আবৰ্তত ৷

Shahnawaz Hamza