বিহাৰৰ হাজীপুৰত শোকাৱহ ঘটনা। বলবম যাত্ৰীৰ বাহনত লাগিল ১১ হাজাৰ ভল্টৰ তাঁৰ। থিতাতে নিহত ৮ জনকৈ লোক, আহত কেইবাজনো। হৰিহৰ নাথ মন্দিৰলৈ যোৱাৰ সময়তে এই ঘটনা। হাজীপুৰৰ চুলতানপুৰত সংঘটিত হয় এই কৰুণ ঘটনা।
Author: GTM Desk
মহানগৰীৰ জু-ৰোডৰ শ্ৰদ্ধাঞ্জলি উৰণসেতুত নিশা দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইদাৰত খুন্দা তীব্ৰবেগী বাহনৰ। আন এজন লোককো মহটিয়াই নিয়ে বাহনখনে । শ্ৰদ্ধাঞ্জলি উৰণসেতুত সংঘটিত এই দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS01-BD-6171।
কমলা হেৰিছক ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী ৰূপে মনোনীত। ডেম’ক্ৰেটিক দলৰ ২,৩৫০ প্ৰতিনিধিৰ সমৰ্থন লাভ কমলা হেৰিছৰ। ৰিপাব্লিকান দলৰ প্ৰাৰ্থী ডোনাল্ড ট্ৰাম্পৰ মূল প্ৰতিদ্বন্দ্বী হ’ব হেৰিছ। প্ৰাৰ্থিত্ব লাভৰ পাছতে ইতিহাস ৰচিলে কমলা হেৰিছে। হেৰিছ আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰথমগৰাকী অশ্বেতাংগ মহিলা। ডোনাল্ড ট্ৰাম্পক পৰাস্ত কৰিলে হেৰিছ হ’ব আমেৰিকাৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ফটো। এই ফটো হৈছে জাগীৰোডত নিৰ্মান হব লগীয়া টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ নক্সা।
কেৰালাৰ ৱায়ানাডৰ উদ্ধাৰ অভিযানত সহায়ক হোৱাকৈ ভাৰতীয় সেনাই ৩১ ঘন্টাত নিৰ্মাণ কৰিলে ১৯০ ফুট দীঘল দলং। ভাৰতীয় সেনাৰ বিশেষ দলটোক নেতৃত্ব দিছিল মেজৰ সীতাই।