23.7 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ সামৰণি

Assamese Newsআন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ সামৰণি

অগণন লোকৰ সমাবেশেৰে কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয় প্ৰাংগনত আয়োজিত আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ আজি সামৰণি পৰে। জ্ঞান মহোৎসৱৰ সামৰণি অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যিক কেবিনেট মন্ত্ৰী অতুল বৰা, উৰ্খাও গৌৰা ব্ৰহ্ম, বি টি আৰৰ মুৰববী প্রমোদ বড়োৰ লগতে বলীউদৰ অভিনেতা সুনু সুদ উপস্থিত থাকে। কৃষিমন্ত্ৰী অতুল বৰাই মহোৎসৱৰ সামৰণি দিনটোত কৃষি আৰু জলবায়ু পৰিবৰ্তন বিষয়ক আলোচনাত অংশগ্ৰহণ কৰে। ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত ৰাজ্য চৰকাৰখনে জলবায়ু পৰিবৰ্তনকে ধৰি বিভিন্ন প্ৰত্যাহ্বানৰ মোকাবিলা কৰি কৃষি খণ্ডৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সন্দৰ্ভত আলোকপাত কৰে। চাৰিদিনিয়াকৈ আয়োজিত এই আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱত বিজ্ঞান আৰু প্ৰযুক্তি, জীৱিকা, নাৰীসৱলীকৰণ, শিশু অধিকাৰ আৰু সুৰক্ষা, শান্তি প্রতিষ্ঠা, বহনক্ষম কৃষি প্ৰতিষ্ঠা সন্দৰ্ভত আলোচনা কৰা হয়। চাংসাৰিত নৱ-নির্মিত সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান, এইমছ অহা ১৪ এপ্ৰিলত মুকলি কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আসন্ন অসম ভ্ৰমণৰ পূৰ্বে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আজি এই সন্দৰ্ভত এইমছত আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ উপস্থিতিত এইমছৰ উদ্বোধনী অনুষ্ঠানৰ প্রস্তুতিক লৈ প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষ আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আলোচনা কৰে। এই অনুষ্ঠানৰ বাবে প্রতিষ্ঠানটোৰ চৌহদ সাজু কৰি তুলিবলৈ সংশ্লিষ্ট কর্তৃপক্ষ, নির্মাণকাৰী সংস্থা আৰু বিভাগসমূহক প্ৰয়োজনীয় দিহা- পৰামৰ্শ আগবঢ়োৱা হয়। আলোচনাকালত চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব ডাঃ সিদ্ধাৰ্থ সিং, জিলাখনৰ উপায়ুক্ত কীৰ্তি জল্লী, এইমছ গুৱাহাটীৰ কাৰ্য্যবাহী সঞ্চালক ডাঃ অশোক পুৰাণিকৰ উপৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া আৰু অন্যান্য কাৰ্য্যবাহী বিষয়াসকলে অংশগ্রহণ কৰে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!