২৭ ফেব্ৰুৱাৰীৰ পৰা বড়োলেণ্ডত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱ
২৭ ফেব্ৰুৱাৰীৰ পৰা বড়োলেণ্ডত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱ ৷ চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই কাৰ্যসূচী৷ অনুষ্ঠানত উপস্থিত থাকিব বাংলাদেশৰ নোবেল বঁটা বিজয়ী অধ্যাপক মহম্মদ ইউনুছৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় শিক্ষা আৰু বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী প্ৰমুখ্যে অসমৰ ৫খন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৷
শিক্ষা, জ্ঞান আৰু পৰ্যটনৰ লক্ষ্যৰে অনুষ্ঠিত হ’ব এই বিশেষ অনুষ্ঠান ৷ বড়োভূমিত অশান্তি, হিংসা, সংঘৰ্ষ পাহৰি এতিয়া শান্তিৰ পৰিৱেশ৷ ইউপিপিএলৰ শাসনৰ পিছতে বড়োভূমিত ঘূৰি আহিছে শান্তি, সম্প্ৰীতি ৷ বিগত ৩০-৪০ বছৰ পূৰ্বে হিংসাৰ সেই বড়োভূমি সলনি হৈছে৷ নেতিবাচক শক্তি দূৰী কৰি উন্নয়নৰ অৰ্থে আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱ উদযাপনৰ লক্ষ্য বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ৷