এইবাৰৰ নির্বাচনৰ পাছতে নিঃশেষ হৈ যাব বিপিএফ

1 min read

এইবাৰৰ বিধানসভা নির্বাচনৰ পাছতেই হাগ্রামা মহিলাৰী আৰু বিপিএফ দল নিঃশেষ হৈ যাব৷ –এই মন্তব্য বিজেপিৰ ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ৷ মঙলবাৰে এখন সংবাদ মেলত সাংসদ দৈমাৰীয়ে কয় যে এতিয়া বিটিচিৰ মানুহে হাগ্রামা মহিলাৰীৰ কথা নুশুনে৷ বিগত দিনত হাগ্রামা মহিলাৰীয়ে বিটিচিৰ বাহিৰত থকা বড়ো জনগোষ্ঠীৰ লোকসকলক লৈ কেৱল ৰাজনীতি কৰিলে, তেওঁলোকৰ উন্নয়নৰ বাবে একো নকৰিলে৷ বিটিচিৰ বাহিৰৰ বড়ো জনগোষ্ঠীক লৈয়েই তেওঁ কেতিয়াবা বিজেপি, কেতিয়াবা কংগ্রেছৰ লগত ৰাজনীতি কৰি আহিছে৷ ২০১৬ চনত বিজেপিৰ লগত মিত্রতা কৰি বড়ো জনগোষ্ঠীৰ উন্নয়নৰ বাবে কেন্দ্রৰ পৰা ১,০০০ কোটি টকাৰ পেকেজ আনিলে৷

সেই পেকেজৰ এটকাও বিটিচিৰ বাহিৰত থকা বড়োসকলক নিদিলে৷ যোৱা বিটিচি নির্বাচনত বিপিএফে বিটিচিত চৰকাৰ গঠন কৰিব নোৱাৰিলে৷ তাৰ পৰা প্রমাণ হৈছে হাগ্রামা মহিলাৰীৰ কথাত বিটিচিৰ ৰাইজ নচলে৷ তেওঁ এতিয়া বিটিচিত চমক দিব নোৱাৰে৷ এতিয়া কংগ্রেছ নেতৃত্বাধীন জোঁটবন্ধনত অহা হাগ্রামা মহিলাৰীয়ে বিটিচিৰ ১২টা সমষ্টিৰ এটাও কংগ্রেছ, এআইইউডিএফ, চিপিআই (এম)ক নিদিয়ে বুলি উল্লেখ কৰি কয় যে এসময়ত কংগ্রেছৰ ভূপেন বৰা, ৰিপুণ বৰাৰ লগত মনোমালিন্য হোৱাৰ বাবেই বিপিএফ দল কংগ্রেছৰ পৰা ওলাই আহিছিল৷ এতিয়া হাগ্রামা মহিলাৰী মহাজোঁটলৈ গৈ যি হুংকাৰ দিছে, সেয়া কেতিয়াও ফলৱতী নহয় বুলি উল্লেখ কৰি সাংসদ দৈমাৰীয়ে কয় যে যোৱা বিটিচি নির্বাচনৰ সময়ৰে পৰাই হাগ্রামা মহিলাৰী আৰু বিপিএফৰ পতন আৰম্ভ হৈছে৷ এইবাৰৰ বিধানসভা নির্বাচনৰ পাছত বিপিএফ নিঃশেষ হৈ যাব৷

Source:Niyomiya Barta

You May Also Like

More From Author