পৰীক্ষা নিদিলেও প্রথমৰ পৰা নৱম শ্রেণীলৈ উত্তীর্ণ হ’ব শিক্ষার্থী

0 min read

গুৱাহাটীঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণ আৰু দীঘলীয়া লকডাউনৰ বাবে ক্ষতিগ্রস্ত হোৱা শিক্ষার্থীক সকাহ দিবলৈ বিশেষ নির্দেশনা জাৰি কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে৷ প্রথম শ্রেণীৰ পৰা নৱম শ্রেণীলৈ শিক্ষার্থীসকলক বছৰেকীয়া পৰীক্ষাত অৱতীর্ণ নহ’লেও পৰৱর্তী শ্রেণীলৈ উন্নীত কৰিবলৈ নির্দেশ দিছে সংশ্লিষ্ট বিভাগটোৱে৷ ৰাজ্যৰ শিক্ষা বিভাগৰ আয়ুক্ত সচিবে জাৰি কৰা এক নির্দেশনা অনুসৰি বছৰেকীয়া পৰীক্ষা বিদ্যালয়সমূহে অনুষ্ঠিত কৰাটো বাধ্যতামূলক নহ’ব৷

অৱশ্যে যিসমূহ বিদ্যালয়ে বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত কৰিব বিচাৰে, সেইসমূহ শৈক্ষিক প্রতিষ্ঠানে অহা মার্চ মাহৰ প্রথম সপ্তাহত পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিব৷ ক’ভিডৰ সংক্রমণৰ বাবে পাঠদান বন্ধ হৈ পৰা শৈক্ষিক প্রতিষ্ঠানসমূহৰ শিক্ষার্থীসকলৰ যাতে শৈক্ষিক বর্ষৰ লোকচান নহয়, তাৰ প্রতি লক্ষ্য ৰাখি এই নির্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে৷ বছৰেকীয়া পৰীক্ষাত অৱতীর্ণ নহ’লেও পৰৱর্তী শ্রেণীলৈ শিক্ষার্থীসকলক উন্নীত কৰাৰ লগতে বিদ্যালয়সমূহে অহা ১ এপ্রিলৰ পৰা নতুন শিক্ষাবর্ষৰ পাঠদান আৰু অন্যান্য কাম–কাজ আৰম্ভ কৰিব লাগিব৷

শিক্ষা বিভাগৰ এই নির্দেশনা ৰাজ্যৰ ব্যক্তিগত শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্রতো প্রযোজ্য হ’ব বুলি উল্লেখ কৰা হৈছে৷ উল্লেখ্য যে প্রাথমিক পর্যায় আৰু মাধ্যমিক পর্যায়ৰ নৱম শ্রেণীৰ বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত কৰাক লৈ বিদ্যালয় কর্তৃপক্ষসমূহৰ মাজত বিভ্রান্তি সৃষ্টি হৈছিল৷

লকডাউনৰ বাবে ১ মার্চৰ পৰা যোৱা নৱেম্বৰ পর্যন্ত ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ পৰিছিল৷ পৰৱর্তী সময়ত অনলাইনযোগে পাঠদান আৰম্ভ কৰা হৈছিল যদিও সুবিধাৰ অভাৱত বহু শিক্ষার্থীয়ে এই অনলাইন শ্রেণীত পাঠদান গ্রহণ কৰিব পৰা নাছিল৷ ক’ভিডৰ সংক্রমণ হ্রাস পোৱাৰ পিছত বিদ্যালয়সমূহত পাঠদান আৰম্ভ কৰা হয় যদিও শিক্ষার্থীৰ উপস্থিতি বাধ্যতামূলক কৰা নাছিল৷ তদুপৰি বিদ্যালয়ত অভিভাৱকৰ সন্মতিসাপেক্ষেহে শিক্ষার্থীৰ উপস্থিতি নিশ্চিত কৰা হৈছিল৷

সেয়েহে বিদ্যালয় আৰম্ভ হোৱাৰ পিছতো সম্পূর্ণৰূপে স্বাভাৱিক হোৱা নাছিল শৈক্ষিক কাম–কাজ৷ ইপিনে ক’ভিডৰ সংক্রমণে ৰাজ্যৰ শৈক্ষিক ক্ষেত্রখনত সৃষ্টি কৰা অচলাৱস্থাৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে বিদ্যালয়সমূহৰ শৈক্ষিক বর্ষ ৩১ মার্চৰ পৰা ১ এপ্রিল কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল৷ এনে বিভিন্ন দিশসমূহ পর্যালোচনা কৰি শিক্ষা বিভাগে প্রথমৰ পৰা নৱম শ্রেণীলৈ বছৰেকীয়া পৰীক্ষাৰ ক্ষেত্রত এই বিশেষ সিদ্ধান্ত গ্রহণ কৰিছে৷

You May Also Like

More From Author