Category: Assamese News

বটদ্ৰৱাৰ কদমনিৰ ই-ৰিক্সা চালক নিৰুদ্দেশ

বটদ্ৰৱাৰ কদমনিৰ ই-ৰিক্সা চালক নিৰুদ্দেশ

নিউজ ব্যুৰ’,নগাঁও,১০জুলাই:–নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত কদমনি গাঁৱৰ ই-ৰিক্সা চালক নজৰুল ইছলাম মঙলবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে। ঘটনাৰ বিৱৰণী মতে,নজৰুল ইছলাম আন দিনাৰ দৰে মঙলবাৰেও বিয়লি ৪বজাত ই-ৰিক্সাখন লৈ ভাড়া মাৰিব ওলাই গৈছিল। পাছত নিশা পৰ্যন্ত ঘৰলৈ উভতি নহাত পৰিয়ালৰ সদস্যই বুধবাৰে পুৱা আত্মীয় স্বজন তথা বন্ধু-বান্ধৱৰ ঘৰত বিচাৰ-খোচাৰ

কলঙৰ বুকুয়েদি হুৰাহুৰে ব্ৰহ্মপুত্ৰৰ পানী,ভাঙিলে মাজৰআটি-লাওগাঁও গড়কাপ্টানী পথ

কলঙৰ বুকুয়েদি হুৰাহুৰে ব্ৰহ্মপুত্ৰৰ পানী,ভাঙিলে মাজৰআটি-লাওগাঁও গড়কাপ্টানী পথ

নিউজ ব্যুৰ’,নগাঁও,১০জুলাই:–ব্ৰহ্মপুত্ৰৰ পানী হুৰাহুৰে বৈ আহি কলঙৰ বুকুৱেদি নগাঁৱত কলঙৰ বাঢ়নি পানীয়ে ভাঙিলে এটি গড়কাপ্তানী পথ। বাঢ়নী পানীয়ে ভগা পথটি পৰিদৰ্শন কৰি শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা লবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ বিধায়ক ৰূপক শৰ্মাৰ। কলিয়াবৰৰ হাতীমূৰাৰ বান্ধ চিগাৰ পাছত এতিয়া ব্ৰহ্মপুত্ৰৰ পানী কলঙৰ বুকুৱেদি হুৰাহুৰে বৈ অহা পৰিলক্ষিত হৈছে । নগাঁও চহৰৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৬টা গঁড়সহ ১৩৭টা বন্যপ্ৰাণীৰ মৃত্যু

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৬টা গঁড়সহ ১৩৭টা বন্যপ্ৰাণীৰ মৃত্যু

নিউজ ব্যুৰ’,নগাঁও,১০জুলাই:–ৰাজ্যৰ বান পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহিছে যদিও আজিও জলমগ্ন হৈ আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ বৰ্তমানেও পানীৰ তলতে আছে কাজিৰঙাৰ বহু কেইটা বন শিবিৰ এলেকা ৷ শেহতীয়া তথ্য মতে চলিত বৰ্ষৰ বিধ্বংসী বানত কাজিৰঙাত মুঠ ৬টা গঁড়সহ ১৩৭টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে। উদ্যান কৰ্তৃপক্ষই কয় যে বৰ্তমানলৈকে দুটা গঁড়ৰ পোৱালিকে

নগাঁৱৰ চামগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বিষাক্ত উদ্ভিদ পাৰ্থেনিয়াম, জনস্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিছে ভাবুকি

নগাঁৱৰ চামগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বিষাক্ত উদ্ভিদ পাৰ্থেনিয়াম, জনস্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিছে ভাবুকি

নিউজ ব্যুৰ’,নগাঁও,১০জুলাই :– ৰাজ্যখনৰ বিভিন্ন স্থানৰ লগতে নগাঁও জিলাৰ চামগুৰিৰ বিভিন্ন অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দিনকদিনে বৃদ্ধি পাইছে বিষাক্ত উদ্ভিদ পাৰ্থেনিয়াম। ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা গাঁৱৰ ৰাস্তা- ঘাটলৈকে বিস্তাৰিত হৈ ভয়ংকৰ ৰূপত বৃদ্ধি পোৱা পাৰ্থেনিয়ামে বৰ্তমান জনস্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিছে ভাবুকি। চামগুৰিৰ লগতে আমনি,মিছা, ৰঙাগড়া,আমনিগাঁও,পহুকটা,গড়মূৰ, ভেলেউগুৰি,তেলিয়াগাঁও,পুৰণিগুদাম আদিকে ধৰি বিভিন্ন অঞ্চলৰ

প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে জিলা জিলাই বিনামূলীয়া ক’চিং চেণ্টাৰ-ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে জিলা জিলাই বিনামূলীয়া ক’চিং চেণ্টাৰ-ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

নিউজ ব্যুৰ’,নগাঁও,৭জুলাই :–প্ৰজন্মই প্ৰজন্মই যোগ্য প্ৰশাসনিক বিষয়া সৃষ্টিৰ প্ৰয়োজন আছে অসমত।প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে জিলা জিলাই বিনামূলীয়া ক’চিং চেণ্টাৰ খোলা হ’ব ৷—–এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। ৰবিবাৰে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত,নগাঁও মহকুমা ছাত্ৰ সন্থাৰ সহযোগত আৰু নগাঁও সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ