Category: Assamese News

নগাঁৱৰ উপায়ুক্ত নিসৰ্গ হিভৰেক বদলি,নৰেন্দ্ৰ কুমাৰ শ্বাহ নতুন উপায়ুক্ত

নগাঁৱৰ উপায়ুক্ত নিসৰ্গ হিভৰেক বদলি,নৰেন্দ্ৰ কুমাৰ শ্বাহ নতুন উপায়ুক্ত

নিউজ ব্যুৰ’,নগাঁও: নগাঁও জিলাৰ উপায়ুক্ত নিসৰ্গ হিভৰেক বদলি কৰা হৈছে হাইলাকান্দি জিলালৈ । আই এ এছ বিষয়া হিভৰেক বদলি কৰি আন এজন আই এ এছ বিষয়া নৰেন্দ্ৰ কুমাৰ শ্বাহক নগাঁও জিলাৰ উপায়ুক্ত হিচাপে স্থলাভিষিক্ত কৰা হৈছে । উল্লেখ্য যে নৰেন্দ্ৰ কুমাৰ শ্বাহ চিৰাং জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ উপৰি

কপাহেৰা আঞ্চলিক কবি সন্মিলনৰ প্ৰতিষ্ঠা দিৱস উদযাপন আৰু মধ্যকালীন অধিৱেশনৰ সামৰণি

কপাহেৰা আঞ্চলিক কবি সন্মিলনৰ প্ৰতিষ্ঠা দিৱস উদযাপন আৰু মধ্যকালীন অধিৱেশনৰ সামৰণি

নিউজ ব্যুৰ’,নগাঁও,১৪জুলাই:–মৰিগাঁও জিলা কবি সন্মিলনৰ অন্তৰ্ভুক্ত অন্যতম শাখা কপাহেৰা আঞ্চলিক কবি সন্মিলনৰ তৃতীয় প্ৰতিষ্ঠা দিৱসটি যোৱা ১৩ জুলাইত উদযাপনৰ লগতে ২০২১-২০২৩ কাৰ্যবৰ্ষৰ মধ্যকালীন অধিৱেশনখনি অনুষ্ঠিত হৈ যায় । সোণাৰুগুৰি মজলীয়া বিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠানৰ পতাকা উত্তোলনৰে শুভাৰম্ভণি কৰে কপাহেৰা আঞ্চলিক কবি সন্মিলনৰ সভাপতি ভূৱন চন্দ্ৰ ডেকাই। ইয়াৰ পাছতে বন্তি

নগাঁৱত ২৪ জুলাইৰ পৰা “গান্ধাৰ”ৰ উদ্যোগত সোণসেৰীয়া গীতৰ প্ৰশিক্ষণ

নগাঁৱত ২৪ জুলাইৰ পৰা “গান্ধাৰ”ৰ উদ্যোগত সোণসেৰীয়া গীতৰ প্ৰশিক্ষণ

নিউজ ব্যুৰ’,নগাঁও,১৪জুলাই:–নগাঁও জিলাৰ অন্যতম সাংস্কৃতিক গোষ্ঠী “গান্ধাৰ”ৰ উদ্যোগত অহা ২৪ জুলাইৰ পৰা ৩০ জুলাইলৈ সদৌ অসম অসমীয়া ন-পুৰণি সোণসেৰীয়া গীতৰ (গায়কী) প্ৰশিক্ষণ-২০২২ৰ আয়োজন কৰা হৈছে । নগাঁও চহৰৰ নতুন বজাৰৰ নগাঁও সংগীত শিল্পী মঞ্চগৃহত প্ৰতিদিনে বিয়লি ২বজাৰ পৰা ৬বজালৈ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি সভাপতি বিষ্ণুৰাম মেধি আৰু সম্পাদক প্ৰদীপ

নগাঁৱত ২২-২৩জুলাইত সদৌ অসম পাঞ্জা চেম্পিয়নশ্বিপ– ২০২২ৰ আয়োজন

নগাঁৱত ২২-২৩জুলাইত সদৌ অসম পাঞ্জা চেম্পিয়নশ্বিপ– ২০২২ৰ আয়োজন

নিউজ ব্যুৰ’,নগাঁও,১৪জুলাই:–অসম পাঞ্জা সংস্থাৰ উদ্যোগত আৰু সংস্থাৰ নগাঁও জিলা সমিতিৰ সহযোগত অহা ২২ আৰু ২৩ জুলাইত নগাঁও চহৰত সদৌ অসম পাঞ্জা চেম্পিয়নশ্বিপ-২০২২ অনুষ্ঠিত হ’ব । ৪৪ সংখ্যক চেম্পিয়নশ্বিপখনি সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে ইতিমধ্যে জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকাক সভাপতি,অধিবক্তা ধ্ৰুৱজ্যোতি শৰ্মাক কাৰ্যকৰী সভাপতি আৰু সাংবাদিক ভাস্কৰ জ্যোতি মেধিক সাধাৰণ সম্পাদক ৰূপে

প্ৰলয়ংকৰী বানৰ পাছত নগাঁৱত জাপানীজ এনকেফেলাইটিছত ৩ আৰু ডায়েৰীয়াত ৩জনৰ মৃত্যু

প্ৰলয়ংকৰী বানৰ পাছত নগাঁৱত জাপানীজ এনকেফেলাইটিছত ৩ আৰু ডায়েৰীয়াত ৩জনৰ মৃত্যু

নিউজ ব্যুৰ’,নগাঁও,১২জুলাই:– প্ৰলয়ংকৰী বানে তচনচ কৰি যোৱাৰ সময়তে নগাঁও জিলাত জাপানীজ এনকেফেলাইটিছ আৰু ডায়েৰীয়া ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । বৰ্তমান পৰ্যন্ত জিলাখনত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত ৰোগৰ সংখ্যা ১২ গৰাকীলৈ বৃদ্ধি পাইছে । জুন মাহৰ পৰা আৰম্ভ হোৱা এই ৰোগত আক্ৰান্তৰ ভিতৰত ৩গৰাকীৰ মৃত্যু হৈছে । মৃত্যু হোৱা ব্যক্তিকেইজন