ভাৰতীয় মহিলা দলৰ ক্ৰিকেটাৰ তথা প্ৰাক্তন অধিনায়ক মিতালী ৰাজে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। যোৱা ২৩ টা বছৰ ধৰি ক্ৰিকেট খেলি থকা মিতালী ৰাজে বুধবাৰে ৩৯ বছৰ বয়সত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা বিদায় জনায়। মিতালী ৰাজ এদিনীয়া ক্ৰিকেটত ভাৰতীয় মহিলা দলৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী। আনকি এগৰাকী অধিনায়ক হিচাপেও
Category: Assamese News
পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু অতি শীঘ্ৰে কোঁচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ দাবীত আজি ধেমাজি জিলা কোঁচ ৰাজবংশী ছাত্ৰ সন্থা আৰু ধেমাজি জিলা কোঁচ ৰাজবংশী মহিলা সমিতিয়ে ধেমাজি কাছাৰী ময়দানৰ সন্মুখত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে ৷ শতাধিক লোক উপস্থিত থকা অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত চৰকাৰ বিৰোধী শ্ল’গান দিয়ে
অসম চৰকাৰৰ কৃষি আৰু পশু পালন মন্ত্ৰী অতুল বৰাই অসম গ্ৰামীণ আন্তঃগাঁঠনি আৰু কৃষি সেৱা সমাজে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা ৰাজ্যিক পৰ্যায়ৰ কৃষক উৎপাদক কোম্পানীসমূহৰ সন্মিলনখন মুকলি কৰে।
বিলাসীপাৰাত আজি সদৌ অসম কোঁচ ৰাজবংশী ছাত্ৰ সন্থাই তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনগোষ্ঠীটোক জনজাতিকৰণৰ দাবীত সংগঠনটোৱে বিলাসীপাৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত ধৰ্মঘট কাৰ্যসূচী পালন কৰে। সদৌ পূৱ ধুবুৰী জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু সদৌ পূৱ ধুবুৰী কোচ ৰাজবংশী মহিলা সমিতিৰ যৌথ
হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। কাইলৈ নতুন মন্ত্ৰী ৰূপে শপত ল’ব নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু আৰু হাফলঙৰ বিধায়ক নন্দিতা গাৰ্লোচাই।অসম চৰকাৰৰ জনসংযোগ বিভাগে এক প্ৰেছ বাৰ্তা যোগে দুয়োজন নতুন মন্ত্ৰীৰ নাম ঘোষণা কৰিছে৷ সেই অনুসৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।কাইলৈ বিয়লি ৩