Category: Assamese News

বান পৰিস্হিতিৰ বুজ লয় মন্ত্ৰী পীযুষ হাজৰিকাই

বান পৰিস্হিতিৰ বুজ লয় মন্ত্ৰী পীযুষ হাজৰিকাই

উমৰাংছুত কপিলী নদীৰ ওপৰত থকা NEEPCO বান্ধে পানী এৰি দিয়াৰ ফলত নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধলধলীয়া পঞ্চায়তৰ অন্তৰ্গত গাঁও সমূহত পথৰ ওপৰেৰে কপিলী নদীৰ পানী বাগৰি সৃষ্টি কৰা বানপানী পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।     লগতে গাঁও পঞ্চায়তৰ দ্বাৰা নিৰ্মীয়মান এক বান্ধ জলসম্পদ বিভাগৰ বিভাগীয় অভিযন্তাক নিৰ্মাণৰ

মৰিগাঁৱৰ চৰাইবাহীত “কবিতাৰে জীপাল শেষ ব’হাগৰ আবেলি” শীৰ্ষক কাব্যানুষ্ঠান, “ব’হাগী সুৱাস” পত্ৰিকা উন্মোচন

মৰিগাঁৱৰ চৰাইবাহীত “কবিতাৰে জীপাল শেষ ব’হাগৰ আবেলি” শীৰ্ষক কাব্যানুষ্ঠান, “ব’হাগী সুৱাস” পত্ৰিকা উন্মোচন

মৰিগাঁও জিলাৰ বৃহত্তৰ চৰাইবাহী অঞ্চলৰ ৪গৰাকীকৈ বিশিষ্ট ব্যক্তিক ৰবিবাৰে সম্বৰ্ধনা জনোৱা হয় । চৰাইবাহী ৰাজহুৱা ভৱনত চৰাইবাহী শাখা সাহিত্য সভাৰ উদ্যোগত “কবিতাৰে জীপাল শেষ ব’হাগৰ আবেলি” শীৰ্ষক এখনি কাব্যানুষ্ঠান অনুষ্ঠিত হয় ৷ এই উপলক্ষে আয়োজিত কাব্যনুষ্ঠানটিত সভাপতিত্ব কৰে চৰাইবাহী শাখা সাহিত্য সভাৰ সভাপতি জিতুমনি বৰদলৈয়ে ৷ কাব্যানুষ্ঠানৰ আৰম্ভণিতে এগছি বন্তি

সদৌ অসম কৰ্মচাৰী পৰিষদৰ অধিৱেশন স্থগিত

সদৌ অসম কৰ্মচাৰী পৰিষদৰ অধিৱেশন স্থগিত

সদৌ অসম কৰ্মচাৰী পৰিষদৰ ১৬ ১৭ আৰু ১৮ মে’ ত শিলচৰত অনুস্থিত হ’বলগীয়া ৩৭ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু মুকলি সভা সাম্প্রতিক সময়ৰ প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি সাময়িক ভাবে স্থগিত ৰখা হৈছে। এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা জানিবলৈ দিছে  পৰিষদ সভাপতি প্ৰদীপ দত্ত আৰু ভাৰপ্ৰাপ্ত সম্পাদক প্ৰধান  শ্যামন্ত দাসে।

অসমৰ ৬খন জিলাৰ প্ৰায় ২৫ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে জেঠমহীয়া বানত,৩ জনৰ মৃত্যু

অসমৰ ৬খন জিলাৰ প্ৰায় ২৫ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে জেঠমহীয়া বানত,৩ জনৰ মৃত্যু

বিগত কেইবা দিনো ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ বহু কেইখন জিলাত বান পৰিস্থিতিৰ উদ্ভৱ হৈছে। বিশেষকৈ বৰাক উপত্যকাৰ বহু অঞ্চল আগতীয়া বানত প্লাবিত হৈছে। আনহাতে, কাছাৰ, ধেমাজি, ডিমা হাছাও, হোজাই, পশ্চিম কাৰ্বি আংলং, নগাঁও আৰু কামৰূপ জিলাৰ কিছু অঞ্চলৰ পৰিস্থিতি অতি শোচনীয়।ৰাজ্যখনৰ ৬খন জিলাৰ প্ৰায় ২৫ হাজাৰ লোক

টেঙাপুখুৰীৰ যুৱক পল্লৱ গগৈয়ে লাভ কৰিছে দুটাকৈ চৰকাৰী চাকৰিৰ নিয়োগ পত্ৰ !

টেঙাপুখুৰীৰ যুৱক পল্লৱ গগৈয়ে লাভ কৰিছে দুটাকৈ চৰকাৰী চাকৰিৰ নিয়োগ পত্ৰ !

এটা সময়ত অৰ্থবান জনহে চৰকাৰী চাকৰি এটা লাভ কৰিবলৈ সক্ষম হয়, চাকৰিৰ বাছনি পৰীক্ষা সমূহত স্বচ্ছতা ৰক্ষা কৰা নহয় বুলি অধিকাংশ জনতাৰ মাজত চৰ্চা চলি অহা বিষয়বোৰক নস্যাৎ কৰি কালি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোগ্য, সক্ষম আৰু মেধাৱী বাছনি পৰীক্ষাত উত্তীৰ্ণ চাকৰি প্ৰাৰ্থী সকলক আনুষ্ঠানিকভাৱে চাকৰিৰ নিযুক্তি পত্ৰ প্ৰদান