Category: Assamese News

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ (কাৰ্যকৰী)  উপস্থিতিত বঙাইগাওঁত  বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধৰ বিশেষ কৰ্মশালা

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ (কাৰ্যকৰী) উপস্থিতিত বঙাইগাওঁত বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধৰ বিশেষ কৰ্মশালা

“সমগ্ৰ বিশ্বতে এক উদ্বেগজনক ৰূপ ধাৰণ কৰা বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ আৰু প্ৰশমনৰ বাবে বনকৰ্মী, আৰক্ষী, সীমান্তৰক্ষী, অৰ্ধসামৰিক বাহিনী, সেনা আৰু অন্যান্য সংশ্লিষ্ট সংস্থাকে ধৰি বিভিন্ন অংশীদাৰসকলৰ মাজত সমন্বিত প্ৰচেষ্টাৰ প্ৰয়োজন,” বুলি ১৪ মে’ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ (কাৰ্যকৰী) এন কোটিশ্বৰ সিঙে বঙাইগাঁৱত  মন্তব্য আগবঢ়ায় ৷ অসম ৰাজ্যিক আইনী সেৱা

শংকৰী কলাকৃষ্টিৰ সাধক- নামাচাৰ্য-সমাজ সংগঠক- শিক্ষাব্ৰতী লাহিৰাম নাথৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন, অংকীয়া নাট “ৰুক্মিণী হৰণ” প্ৰদৰ্শন

শংকৰী কলাকৃষ্টিৰ সাধক- নামাচাৰ্য-সমাজ সংগঠক- শিক্ষাব্ৰতী লাহিৰাম নাথৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন, অংকীয়া নাট “ৰুক্মিণী হৰণ” প্ৰদৰ্শন

নগাঁও জিলাৰ বেবেজীয়াৰ পশ্চিম প্ৰান্তৰ বামুণবড়ি দ-গাঁও নিবাসী শংকৰী কলাকৃষ্টিৰ সাধক, নামাচাৰ্য,সমাজ সংগঠক, শিক্ষাব্ৰতী লাহিৰাম নাথৰ আদ্যশ্ৰাদ্ধ উপলক্ষে আজি এখনি স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন কৰা হয় । দিনৰ ২বজাৰ পৰা প্ৰয়াত নাথৰ নিজা বাসভৱনৰ আদ্যশ্ৰাদ্ধস্থলীত গুৰুজনাৰ অমৰ সৃষ্টি “ৰুক্মিণী হৰণ” অংকীয়া ভাওনাখনি প্ৰদৰ্শন কৰা হয় । উল্লেখ্য যে দ-গাঁৱৰ ব্যক্তিৰ দ্বাৰা

ননৈ বাদল গাঁৱত নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ কাৰ্যালয়-তোৰণৰ শুভ উদ্বোধন

ননৈ বাদল গাঁৱত নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ কাৰ্যালয়-তোৰণৰ শুভ উদ্বোধন

অসম ব্ৰাহ্মণ সমাজৰ অন্তৰ্গত নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ ননৈ বাদল গাঁৱত অৱস্থিত জিলা কাৰ্যালয়ৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা গৃহ আৰু তোৰণৰ শুভ উদ্বোধন ৰবিবাৰে সম্পন্ন কৰা হয় । এই উপলক্ষে কাৰ্যালয়টিৰ অস্থায়ী প্ৰেক্ষাগৃহত অনুষ্ঠিত মুকলি সভাত সভাপতিত্বত কৰে নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ সভাপতি ৰবীন্দ্ৰ নাথ শৰ্মাই । জিলা সম্পাদক নৰেন্দ্ৰ

নগাঁৱত আৰক্ষীৰ নকল সোণৰ নাও-যীশু খ্ৰীষ্ট মূৰ্তি উদ্ধাৰ

নগাঁৱত আৰক্ষীৰ নকল সোণৰ নাও-যীশু খ্ৰীষ্ট মূৰ্তি উদ্ধাৰ

নগাঁও আৰু ননৈ আৰক্ষীয়ে পাঠৰি কাটনি গাঁৱত নকল সোণৰ বিৰূদ্ধে অভিযান চলাই গাঁত খান্দি মাটিৰ তলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে নকল সোণৰ নাও আৰু যীশু খ্ৰীষ্টৰ মূৰ্তি । নকল সোণৰ ব্যৱসায় কৰা চক্ৰটোৰ এটা সদস্যক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । গ্ৰেপ্তাৰ কৰা সদস্যটো আটাউৰ ৰহমানৰ পুত্ৰ মুক্লেচুৰ ৰহমান

নতুন অসম নিৰ্মাণৰ দিশে ধাৱমান চৰকাৰ

নতুন অসম নিৰ্মাণৰ দিশে ধাৱমান চৰকাৰ

ৰাজ্যত ইতিহাস সৃষ্টি কৰি আজি একেদিনাই ২২,৯৫৮টা পদৰ বিপৰীতে অসম চৰকাৰে নিযুক্তি-পত্ৰ প্ৰদান কৰে৷ গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা বৃহৎ নিযুক্তি সমাৰোহৰ জৰিয়তে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি-পত্ৰ প্ৰদান কৰে৷ মুখ্যমন্ত্ৰীয়ে ১৭ গৰাকী প্ৰাৰ্থীক নিজহাতে নিযুক্তি-পত্ৰ প্ৰদান কৰে আৰু বাকীসকল প্ৰাৰ্থীক সংশ্লিষ্ট বিভাগসমূহে নিজ