ছত্তীশগড়ী ছবিৰ এগৰাকী অভিনেত্ৰীয়ে ছবি উদ্যোগটোৰ সৈতে জড়িত এজন স্পটবয়ক চেণ্ডেলেৰে প্ৰহাৰ কৰাৰ ভিডিঅ’ই সম্প্ৰতি ইন্টাৰনেটত খলকনি তুলিছে ৷ অভিযোগ অনুসৰি, যুৱকজনে ছবিত কাম দিয়াৰ অজুহাতত প্ৰথমে যুৱতীসকলৰ ফোন নম্বৰ বিচাৰে আৰু পিছলৈ ফোনত কথা পাতি তেওঁলোকক হাৰাশাস্তি কৰে । এদিন তেওঁ অভিনেত্ৰীগৰাকীক ফোন কৰি একে কামকে পুনৰ আৰম্ভ কৰে
Category: Assamese News
মূল্যবৃদ্ধিৰ সমস্যাৰ পৰা ৰাইজক মুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰৰ দিনত এতিয়া নিত্য ব্যৱহাৰ্য সামগ্ৰী আৰু ইন্ধনজাত সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে জলা-কলা খুৱাইছে সাধাৰণ ৰাইজক। ডিব্ৰুগড়ত উপস্থিত হৈ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী
ৰাষ্ট্ৰীয় অভিলেখেৰে বিশ্ব ছিনিয়ৰ ছেম্পিয়নশ্বপলৈ যোগ্যতা অৰ্জন অম্লানৰ গুৱাহাটী ৬ এপ্ৰিল ২০২২:-ভাৰতৰ ক্ৰীড়াক্ষেত্ৰত পুনৰ অসম সন্তানৰ জয়জাত্ৰা অব্যাহত।কেৰালাৰ কালিকটত অনুষ্ঠিত হৈ থকা ২৫ সংখ্যক চিনিয়ৰৰাষ্ট্ৰীয় ফেডাৰেচন কাপ এথলেটিকচ প্ৰতিযোগিতাত অসমৰ অম্লান বৰগোঁহাইৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন। পুৰুষৰ ২০০ মিঃ দৌৰত অম্লান বৰগোঁহাইয়ে ২০.৫২ চেকেণ্ডত ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰি সোণৰ পদক লাভ কৰে।
গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ৮গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰিছে নিজৰ মনোনয়ন পত্ৰ।মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সোমবাৰে আছিল অন্তিম দিন। মনোনয়ন প্ৰত্যাহাৰ কৰা প্ৰাৰ্থীসকল হৈছে ৫নং ৱাৰ্ডৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী,ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰে মনোনয়ন। ৬নং আৰু ৭নং ৱাৰ্ডৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী, ১১নং আৰু ১২নং ৱাৰ্ডৰ নিৰ্দলীয়
গুৱাহাটী মহানগৰীত সভ্য সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা পোহৰলৈ আহিছে।ভিনিয়েকৰ কামনাৰ বলি এগৰাকী ১৪বছৰীয়া কিশোৰী।খুলশালী গৰাকী বৰ্তমান অন্তঃসত্বা বুলি জানিব পৰা গৈছে ।উজানবজাৰ উৰিয়াবস্তিত সংঘটিত হৈছে এই জঘন্য ঘটনা।ভুক্তভোগী কিশোৰীগৰাকীৰ আইতাক আৰু মাহীয়েকে পানবজাৰ মহিলা আৰক্ষী থানাত গোচৰ দাখিলৰ পাছতে পোহৰলৈ আহিছে এই জঘন্য কাণ্ডৰ কথা। উল্লেখ্য যে আইতাক