অতি সোনকালেই কাজিৰঙালৈ আহিব অক্ষয় কুমাৰ!কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ বাবে টুইটযোগে কাজিৰঙা কৰ্তৃপক্ষই আমন্ত্ৰণ জনাইছিল অক্ষয় কুমাৰক।এই আমন্ত্ৰণৰ সহাঁৰি জনাইছে অক্ষয় কুমাৰে।অতি সোনকালেই কাজিৰঙালৈ আহিব বলিউদৰ জনপ্ৰিয় অভিনেতা গৰাকী।বিগত সময়ছোৱাত অভিনেতা অক্ষয় কুমাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ বাবে ১ কোটি টকা সাহায্য দিছিল। হাইলেণ্ড নিৰ্মাণৰ বাবে অক্ষয় কুমাৰে দিছিল এই ধন।হাইলেণ্ড
Category: Assamese News
শশী কান্ত দাসৰ গৃহত মুখ্যমন্ত্ৰীৰ উপস্থিতিক লৈ অখিল গগৈৰ প্ৰতিক্ৰিয়া। অখিল গগৈয়ে কয়, ‘‘সংসদীয়া ৰাজনীতিৰ কাৰণে এয়া গৰ্হিত কাৰ্য। মুকলি বজাৰত বিধায়ক কিনা–বেচা কৰিছে মুখ্যমন্ত্ৰীয়ে। সমস্ত মূল্যবোধক ধ্বংস কৰিছে হিমন্ত বিশ্ব শৰ্মাই। যিজন বিক্ৰী হয় তেওঁ মানুহ নে অইন কিবা। বিবেকবান মানুহৰ বাবে এয়া লজ্জাজনক। মানুহ–অমানুহৰ মাজত পাৰ্থক্য নাইকীয়া হৈছে।’’
বহাগ বিহু সমাগত । বিগত বৰ্ষৰবোৰৰ দৰে এইবৰ্ষত চিলাপথাৰত চলিছে বিহুৰ কৰ্মশালা। দুইশতাধিক শিক্ষাৰ্থীৰ যোগদান অসমীয়াৰ হেঁপাহৰ বহাগ বিহুলৈ মাজত মাথো এটা মাহ বাকী । ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে এতিয়া হেঁপাহৰ বহাগ বিহুক আদৰাৰ ব্যাপক প্ৰস্ততি। বিহুৰ কৰ্মশালাত ব্যস্ত হৈ পৰিছে এতিয়া নাচনী , ঢুলীয়া সকল। এই দৃশ্য চিলাপথাৰ
নিজৰ প্ৰতিভাৰ বলত ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ ২০২২ ত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে চিচিবৰগাঁৱৰ চৌখামটিং গাঁৱৰ ত্ৰিবেণী ৰাইদঙীয়া ভূঞা নামৰ বোৱাৰীগৰাকীয়ে।৫৬ ছেন্টিমিটাৰ ব্যাসাৰ্ধৰ এখন বাঁহৰ ডলাত ১১০ গৰাকী স্বাধীনতা সংগ্ৰামীৰ প্ৰতিচ্ছবি অংকন কৰি ত্ৰিবেণীয়ে লাভ কৰিবলৈ সক্ষম হৈছে এই বিৰল সন্মান ।এক্ৰাইলিক কালাৰৰ দ্বাৰা ৪ ছেন্টিমিটাৰ প্ৰতিখন ফটোৰ
ৰূপহীহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিপু কলিতাৰ নেতৃত্বত চলিছিল এই অভিযান।এক গোপন সূত্ৰৰ পমখেদি ৰূপহীহাটৰ গুনাবাৰীত আৰক্ষীয়ে অভিযান চলাই এই অভিযান ৷ আৰক্ষীৰ এই অভিযানত ১৭ টাকৈ হিৰ’ইন ভৰ্তি কন্টেইনাৰসহ আটক কৰে ড্ৰাগছ ব্যৱসায়ী বাহাৰুল ইছলামক। দীৰ্ঘদিন ধৰি ৰূপহীহাটৰ গুনাবাৰীত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ড্ৰগছ পেডেলাৰ বাহাৰুল ইছলাম, দিলদাৰ