Category: Assamese News

মুম্বাইৰ চিকিৎসালয়ত জীৱনৰ যুঁজ! ক্লান্ত হৈ পৰা নাই কিশোৰ।গুৰুবাণী আওৰাই দিন পাৰ কৰিছে মৰমৰ অভিনেতাজনে

মুম্বাইৰ চিকিৎসালয়ত জীৱনৰ যুঁজ! ক্লান্ত হৈ পৰা নাই কিশোৰ।গুৰুবাণী আওৰাই দিন পাৰ কৰিছে মৰমৰ অভিনেতাজনে

সময়ৰ প্ৰত্যাহ্বান, জীৱনৰ জটিলতা , তথাপিও ক্লান্ত হৈ পৰা নাই কিশোৰ ! জীৱনৰ জটিল ক্ষনৰ দৃঢ়তাৰে মুখামুখি হৈ ন উদ্যম আৰু ইচ্ছা শক্তিৰ প্ৰৱলতাৰে মুখত গুৰুবাণী উচ্চাৰণ কৰি মুম্বাইৰ চিকিৎসালয়ত সময় কটাইছে অসমৰ মৰমৰ অভিনেতা কিশোৰ দাসে। সময়ে কেতিয়া কাৰ লগত খেলা কৰি যায় গমে নাপায়! সৌদিনালৈকে বিভিন্ন মিউজিক ভিডিও,ধাৰাবাহিকত অভিনয়

‘কংগ্ৰেছ এতিয়া ৰাষ্ট্ৰীয় দল হৈ থকা নাই, কেইদিনমান পিছত জিলা পৰ্যায়ৰ সৰু দললৈ ৰূপান্তৰিত হ’ব’ – হিমন্ত বিশ্ব শৰ্মা

‘কংগ্ৰেছ এতিয়া ৰাষ্ট্ৰীয় দল হৈ থকা নাই, কেইদিনমান পিছত জিলা পৰ্যায়ৰ সৰু দললৈ ৰূপান্তৰিত হ’ব’ – হিমন্ত বিশ্ব শৰ্মা

জাতি, ধৰ্ম পাহৰি ৰাইজে এতিয়া উন্নয়নৰ ইছ্যুত ভোট দিবলৈ লৈছে। ৫ ৰাজ্যৰ নিৰ্বাচনী ফলাফলে তাকেই প্ৰমাণ কৰিছে। নৰেন্দ্ৰ মোদীৰ বিকাশৰ ৰাজনীতিক দেশবাসীয়ে আদৰি লৈছে। এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছ এতিয়া ৰাষ্ট্ৰীয় দল হৈ থকা নাই। পিছলৈ এটা জিলা পৰ্যায়ৰ সৰু আঞ্চলিক দললৈ ৰূপান্তৰিত হ’ব

24 নং সশস্ত্ৰ সীমা সুৰক্ষা বাহিনীৰ উদ্যোগত ৰঙিয়াত বেণ্ড শ্ব

24 নং সশস্ত্ৰ সীমা সুৰক্ষা বাহিনীৰ উদ্যোগত ৰঙিয়াত বেণ্ড শ্ব

ৰঙিয়াৰ পৰা ৰিজাউল হাচান: স্বাধীনতাৰ 75 বছৰৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰৰ দ্বাৰা অমৃত মহোৎসৱ কার্যসূচী অনুষ্ঠিত কৰা হৈছে । ইয়াৰে লগত সংগতি ৰাখি আজি ৰঙিয়া চহৰৰ মাজ মজিয়াত থকা পৰিদৰ্শন বঙলাত এক বেণ্ড শ্ব অনুষ্ঠিত কৰা হয় । 24নং সীমা সুৰক্ষা বাহিনীৰ দ্বাৰা অনুষ্ঠিত কৰা হয় এই শ্ব’তো ।

বঙাইগাঁৱত জনজাতিকৰণৰ দাবীত জনগোষ্ঠীয় ঐক্য মঞ্চ,অসমৰ ধৰ্ণা কাৰ্যসূচী

বঙাইগাঁৱত জনজাতিকৰণৰ দাবীত জনগোষ্ঠীয় ঐক্য মঞ্চ,অসমৰ ধৰ্ণা কাৰ্যসূচী

জনগোষ্ঠীয় ঐক্য মঞ্চ অসমৰ উদ্যোগত আজি কোচ ৰাজবংশী, টাই আহোম, মৰাণ, মটক, চুতীয়া আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত সোমবাৰে বঙাইগাঁও চহৰত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ আক্ৰাছুৰ পুৰেণ ৰায় গোটৰ নেতৃত্বত বঙাইগাঁও চহৰৰ বৰপাৰা ৰাজহুৱা খেল পথাৰত অসমৰ ছয় জনগোষ্ঠীক জনজাতি কৰণৰ দাবীত ৰূপায়ণ কৰা ধৰ্ণা কাৰ্যসূচীত আক্ৰাছুৰ লগতে

অৱশেষত স্থানান্তৰ ছুমীত আবদ্ধ ৭০০ ভাৰতীয় শিক্ষাৰ্থীক

অৱশেষত স্থানান্তৰ ছুমীত আবদ্ধ ৭০০ ভাৰতীয় শিক্ষাৰ্থীক

যুদ্ধৰ আতংক, মৃত্যুৰ ভয়, অনাহাৰ-অনিদ্ৰাৰ মাজত আবদ্ধ হৈ আছিল সাতশ ভাৰতীয় শিক্ষাৰ্থী। এই দুঃস্বপ্নৰ মাজৰ পৰা কেতিয়া তেওঁলোকে উদ্ধাৰ পাব তাৰ কোনো নিশ্চয়তা নথকাকৈ আবদ্ধ হৈ থকা শিক্ষাৰ্থীসকলৰ মুখলৈ এতিয়া সামান্য পানী আহিছে। ইমান দিনে তেওঁলোকৰ চৌপাশে আছিল গুলী-বোমাৰ শব্দ। মূৰৰ ওপৰত যুদ্ধ বিমানৰ তাল-আফাল। চকুৰ সন্মুখতে ভাঙি পৰিছিল একোটা