Category: Assamese News

ফেচবুকত তালিবানৰ সমৰ্থনত পোষ্ট কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ঘোষণা

ফেচবুকত তালিবানৰ সমৰ্থনত পোষ্ট কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ঘোষণা

তালিবানক নিষিদ্ধ কৰিছে ফেচবুকে। মাৰ্ক জুকাৰবাৰ্গৰ কোম্পানীয়ে আফগানিস্তানৰ সাম্প্ৰতিক পৰিস্থিতিৰ কথা বিবেচনা কৰি তালিবানৰ সমৰ্থনত ফেচবুকৰ মজিয়াত কৰা সকলো পোষ্ট আঁতৰাই দিয়াৰ সিদ্ধান্ত লৈছে। জানিব পৰা মতে ইতিমধ্যে ইয়াৰ বাবে আফগানিস্তানৰ বিশেষজ্ঞসকলক লৈ এটা দল গঠন কৰা হৈছে। বিগত ২০ বছৰ ধৰি দেশখনত নির্বাচিত প্রতিনিধিৰ চৰকাৰ বাহাল থকাৰ মাজতে আমেৰিকাই

দুঃখবৰ: আপোনাৰ পুৰণি বাহনখনে এতিয়া যিকোনো মুহূৰ্ততে আপোনাক পেলাব পাৰে বিপদত

দুঃখবৰ: আপোনাৰ পুৰণি বাহনখনে এতিয়া যিকোনো মুহূৰ্ততে আপোনাক পেলাব পাৰে বিপদত

আপোনাৰ পুৰণি বাহনখনে এতিয়া যিকোনো মুহূৰ্ততে আপোনাক পেলাব পাৰে বিপদত ৷ ইতিমধ্যে ভাৰত চৰকাৰে যোৱাটো সপ্তাহতে মুকলি কৰিছে ‘Vehicle Scrappage policy’ ৷ এই নতুন নীতি মুকলি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়, ইয়াৰ দ্বাৰা প্ৰদূষিত আৰু অনুপযুক্ত বাহনসমূহক পৰিৱেশ অনুকূল প্ৰকাৰে কৰ্তন কৰাত সহায়ক হ’ব ৷ বাহনসমূহক কেৱল বয়স অনুপাতেই স্ক্ৰেপ

উচ্চতম ন্যায়ালয়ৰ ৰায় – নেশ্যনেল ডিফেন্স একাডেমীৰ প্ৰৱেশ পৰীক্ষাত বহিব পাৰিব মহিলা

উচ্চতম ন্যায়ালয়ৰ ৰায় – নেশ্যনেল ডিফেন্স একাডেমীৰ প্ৰৱেশ পৰীক্ষাত বহিব পাৰিব মহিলা

উচ্চতম ন্যায়ালয়ে আজি মহিলাসকলকো ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ নামভৰ্তি পৰীক্ষাত বহাৰ অনুমতি প্ৰদান কৰে।যদিও কেন্দ্ৰই কয় যে মহিলাসকলে প্ৰৱেশ কৰিবলৈ অপাৰগ হ’লে কোনেও মৌলিক অধিকাৰ উলংঘন কৰাৰ দাবী কৰিব নোৱাৰে,উচ্চতম ন্যায়ালয়ে বৰ্তমান মহিলা প্ৰাৰ্থীসকলৰ বাবে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ (এন ডি এ) দুৱাৰ মুকলি কৰিছে। আদালতে মহিলাসকলক ৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব লগীয়া পৰীক্ষাত অৱতীৰ্ণ

উপ–নির্বাচনঃ গোসাঁইগাঁও, তামুলপুৰ ইউপিপিএলক দিব এৰি

উপ–নির্বাচনঃ গোসাঁইগাঁও, তামুলপুৰ ইউপিপিএলক দিব এৰি

ৰাজ্যত আৰম্ভ হৈছে বিধানসভাৰ উপ–নির্বাচনকেন্দ্রিক্ তৎপৰতা৷ শাসক দল বিজেপি আৰু বিৰোধী দল কংগ্রেছে ইতিমধ্যে উপ–নির্বাচনক লৈ সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে৷ বিজেপিয়ে মিত্রদল ইউপিপিএলৰে আসন বুজাবুজিৰে উপ–নির্বাচনত অৱতীর্ণ হোৱাৰ পৰিকল্পনা কৰাৰ বিপৰীতে কংগ্রেছে এইবাৰ অকলে নির্বাচনত অৱতীর্ণ হোৱাৰ চিন্তা–চর্চা কৰিছে৷ বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়াই সংবাদ মাধ্যমক জানিবলৈ

পুনৰ মুকলি হৈছে ঐতিহাসিক শিৱদৌলৰ দ্বাৰ

পুনৰ মুকলি হৈছে ঐতিহাসিক শিৱদৌলৰ দ্বাৰ

ক’ভিডে ধাৰণ কৰা ভয়াৱহ ৰূপৰ বাবে শেহতীয়াকৈ তিনিমাহ বন্ধ ৰখাৰ অন্তত পবিত্ৰ ভাদ মাহৰ পহিলা দিনটোৰ পৰা পুনৰ মুকলি কৰা হৈছে শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ দ্বাৰ ৷ ৰাজ্য চৰকাৰৰ নতুন ক’ভিড নিৰ্দেশনা আনুসৰি পবিত্ৰ ভাদ মাহৰ প্ৰথমটো দিন বুধবাৰৰ পৰা ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হৈছে ঐতিহাসিক শিৱদৌলৰ প্ৰৱেশ দ্বাৰ