কাছাৰ জিলাৰ ধলাই বিধানসভা সমষ্টিৰ অন্তর্গত লাইলাপুৰ সংলগ্ন আন্তঃৰাজ্যিক সীমান্তত সোমবাৰে উদ্ভৱ হোৱা অগ্নিগর্ভ পৰিস্থিতি সন্দর্ভত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সংবাদমেল। সংবাদমেল যোগে মুখ্যমন্ত্ৰী ড০ শৰ্মাই মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগাৰ সৈতে ৬বাৰকৈ টেলিফোনযোগে বার্তালাপ কৰাৰ কথা উল্লেখ কৰে। সংবাদমেল ড০ শৰ্মাই কয়, “কালিৰ ঘটনা অতি দুৰ্ভাগ্যজনক। অসমে শান্তি বিচাৰে, সীমা
Category: Assamese News
গুৱাহাটী ৰে’ল ষ্টেচনত আজি পুৱা ৰে’ল আৰক্ষীয়ে অভিযান চলাই এটি শিশুসহ ১০জন ৰহিংগ্যা মুছলমানক আটক কৰে৷ চাপৰমুুখৰ পৰা গুৱাহাটী অভিমুখে আহি থকা আগৰতলা দেউধৰ এক্সপ্রেছৰ পৰা জিআৰপিৰ সহযোগত আৰ পি এফৰ এটা দলে ৰে’লগাড়ীখনৰ ডি ২নং দবাৰ পৰা ৰহিংগ্যাকেইজনক আটক কৰে৷ আৰক্ষী সূত্রে জানিব পৰা মতে, ম্যানমাৰৰ পৰা বাংলাদেশলৈ যোৱা
সদ্য ঘোষিত সৰ্বভাৰতীয় পৰ্যায়ৰ আই এছ চি ই ৰ অৰ্থাত ইণ্ডিয়ান চাৰ্টিফিকেট অফ ছেকেণ্ডাৰী এডুকেচন অন্তৰ্গত দ্বাদশ শ্ৰেণীৰ বিজ্ঞান শাখাৰ পৰীক্ষাৰ ফলাফলত বিশ্বনাথ জিলাৰ ইটাখোলাস্থিত দিকৰাইৰ অনুস্কাই সুখ্যাতিৰে উত্তিৰ্ণ হৈ জিলাখনৰ লগতে ৰাজ্যখনৰে গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।ভবিষ্যতে এগৰাকী সু চিকিৎসক হোৱাৰ লক্ষ্যৰে অনুস্কা বৰাই উক্ত পৰীক্ষাত বাইঅলজি আৰু
উত্তৰ–পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰীত যান–জঁটৰ সমস্যা লাঘৱ কৰাৰ লক্ষ্যৰে কেইবাখনো উৰণীয়া সেতুৰ নির্মাণৰ কাম চলি আছে৷ আনকি বিগত বর্ষৰ ১১ অক্টোবৰত দীনেশ গোস্বামী পথৰ মালিগাঁৱৰ পৰা কামাখ্যাগেটলৈ প্রায় ৩ কিঃমিঃ দৈর্ঘ্যৰ উৰণীয়া সেতু নির্মাণৰ আধাৰশিলা স্থাপনৰ কাম আৰম্ভ কৰা হৈছে৷ সেতুখনৰ নির্মাণৰ দায়িত্ব লাভ কৰিছে অনুপম শর্মা নামৰ অভিযান্ত্রিকৰ স্নাতক
সোমবাৰে অসম-মিজোৰাম সীমান্তত হোৱা সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় কাছাৰৰ আৰক্ষী অধীক্ষক বৈভৱ চন্দ্ৰকান্ত নিম্বলকাৰ। মিজোৰ আক্ৰমণত আহত SP বৈভৱ চন্দ্ৰকান্ত নিম্বলকাৰ অতি সংকটজনক অৱস্থাত SMCHত চিকিৎসাধীন হৈ আছে। সোমবাৰৰ মিজো দুৰ্বৃত্তৰ আক্ৰমণত ভৰিত পাঁচটাকৈ গুলী লাগিছে আৰক্ষী অধীক্ষক বৈভৱ চন্দ্ৰকান্তৰ। ইতিমধ্যে আৰক্ষী অধীক্ষকগৰাকীৰ স্বাস্থ্যৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ নিয়াৰ সকলো