গুৱাহাটীঃ নির্ধাৰিত ভোটগ্রহণ কেন্দ্রত সোঁশৰীৰে উপস্থিত থাকি ভোটদান সাব্যস্ত কৰিব নোৱাৰা কামৰূপ মহানগৰ জিলাৰ চাৰিটা সমষ্টিৰ প্রায় ৩ হাজাৰ ‘এবছেণ্টি ভোটাৰ’ৰ বাবে আজিৰ পৰা আৰম্ভ কৰা হৈছে বেলটত ভোটগ্রহণ প্রক্রিয়া৷ আজিৰ পৰা ৫ এপ্রিললৈকে ১০ দিন ধৰি চলিবলগীয়া এই ভোটগ্রহণ প্রক্রিয়াত ‘এবছেণ্টি ভোটাৰ’ৰ তালিকাত ৮০ বছৰ ঊর্ধ্বৰ ভোটাৰ, দিব্যাংগ আৰু
Category: Assamese News
দেশত অনুষ্ঠিত দুখনকৈ আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত দুখন অসমীয়া ছবিয়ে শ্রেষ্ঠত্বৰ সন্মান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ ১৯সংখ্যক ত্রিশূৰ আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত কৃপাল কলিতাৰ দ্বাৰা পৰিচালিত ‘ব্রীজ’ ছবিখনে শ্রেষ্ঠ ছবিৰ সন্মান লাভ কৰাৰ বিপৰীতে সপ্তমসংখ্যক ৰাজস্থান আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত শ্রেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে বিশ্বজিৎ বৰা পৰিচালিত ছবি ‘বেলকনিত ভগৱান’–এ৷
গুৱাহাটীঃ প্রথম পর্যায়ৰ নির্বাচনৰ প্রচাৰ অভিযান সামৰণি পৰাৰ পাছতেই আজি দ্বিতীয় পর্যায়ৰ নির্বাচনী প্রচাৰ চলাবলৈ পুনৰ অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ বিজেপিৰ শীর্ষ পর্যায়ৰ এই নেতাগৰাকীয়ে আজি কমলপুৰ আৰু জাগীৰোড সমষ্টিত প্রচাৰ অভিযান চলাব৷ শুকুৰবাৰে দিনৰ ১২ বজাত কমলপুৰ সমষ্টিৰ বিজেপি প্রার্থী দিগন্ত কলিতাৰ হৈ এখন বিশাল জনসভাত অংশ
গুৱাহাটীঃ একাংশ সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াত চৰ্চা হৈ থকাৰ দৰে অসমত পুনৰ লকডাউনৰ সম্ভাৱনা নাই। নিৰ্বাচনৰ পাছতে বিহুৰ বতৰত লকডাউন হ’ব বুলি চৰ্চা হৈ থকাৰ সময়তে এই সম্ভাৱনা নাই বুলি স্পষ্ট কৰিলে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত এতিয়া ক’ভিড নাই বুলি কৈ লকডাউন ঘোষণা কৰা নহয় বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে
গুৱাহাটীঃ প্রথম পর্যায়ৰ নির্বাচনৰ বাবে আজি সামৰণি পৰিল হাইভ’ল্টেজ নির্বাচনী প্রচাৰ৷ বিগত প্রায় এমাহজুৰি ৰাজনৈতিক দলসমূহে প্রথম পর্যায়ৰ ৪৭টা সমষ্টিৰ বাবে চলোৱা নির্বাচনী প্রচাৰ অভিযান বৃহস্পতিবাৰে বিয়লি ৪.৩০ বজাত অন্ত পৰে৷ অহা ২৭ মার্চত হ’বলগীয়া প্রথম পর্যায়ৰ নির্বাচনৰ বাবে ইতিমধ্যে সাজু হোৱা ৰাজ্যিক নির্বাচন আয়োগে ভোটগ্রহণৰ বাবে প্রস্তুতি সম্পূর্ণ কৰি