Category: Assamese News

বান বিভীষিকাৰ পৰা অসমক মুক্ত কৰাৰ প্রতিশ্রুতি

বান বিভীষিকাৰ পৰা অসমক মুক্ত কৰাৰ প্রতিশ্রুতি

বিভীষিকাময় বানৰ কবলৰ পৰা ৰাজ্যবাসীক উদ্ধাৰ কৰা আৰু সংশোধিত এন আৰ চিৰ জৰিয়তে বিবাদৰ মীমাংসা কৰি সুৰক্ষিত অসম গঢ়াৰ প্রতিশ্রুতিৰে মঙলবাৰে বিজেপিয়ে প্রকাশ কৰিলে নির্বাচনী ইস্তাহাৰ৷ আত্মনির্ভৰ অসমৰ বাবে ১০টা সংকল্প লৈ প্রস্তুত কৰা বিজেপিৰ ‘সংকল্পপত্র’খন আজি মহানগৰীৰ তাজ ভিভাণ্টা হোটেলত আনুষ্ঠানিকভাৱে উন্মোচন কৰিলে দলটোৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই৷

আজি ছিপাঝাৰ–বিহপুৰীয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰ

আজি ছিপাঝাৰ–বিহপুৰীয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰ

সমাগত বিধানসভা নির্বাচনৰ প্রথম পর্যায়ৰ ভোটগ্রহণলৈ মাজত মাত্র কেইটামান দিন বাকী থকা অৱস্থাত আজি পুনৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী নির্বাচনী প্রচাৰ চলাবলৈ অসমলৈ আহিব৷ প্রধানমন্ত্রীগৰাকীয়ে অহা আজি বিহপুৰীয়া আৰু ছিপাঝাৰত অনুষ্ঠিত হ’ব লগা দুখন নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰিব৷ ছিপাঝাৰত অনুষ্ঠিত হ’বলগীয়া সভাত প্রধানমন্ত্রীগৰাকীক্ সংগ দিব কেন্দ্রীয় মন্ত্রী নৰেন্দ্র সিং টোমৰে৷

আলফাই কেতিয়া মুকলি কৰি দিব কুইপ’ৰ দুই অপহৃত অভিযন্তাক?

আলফাই কেতিয়া মুকলি কৰি দিব কুইপ’ৰ দুই অপহৃত অভিযন্তাক?

কুইপ’ৰ দুই অভিযন্তা শিৱসাগৰৰ প্ৰণৱ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰৰ মুক্তি কেতিয়া?তিনি মাহ অতিবাহিত হোৱাৰ পিছতো কোনো সম্ভেদ ওলোৱা নাই দুই অভিযন্তাৰ।উল্লেখযোগ্য যে,ইতিবাচক দিশত হৈছিল কুইপ’ আৰু আলফা (স্বা)ৰ আলোচনা। ১ মার্চতেই দুই অপহৃত অভিযন্তাক মুকলি কৰি দিয়াৰ আশ্বাস দিছিল আলফাই।কিন্তু দুই অপহৃত বিষয়াৰ মুক্তিৰ বাতৰিক লৈ এটা সংবাদ প্ৰতিষ্ঠানে ভুৱা খৱৰ প্ৰকাশ কৰাক লৈ ক্ষোভ প্ৰকাশ কৰি সাংবাদিক দিক্ষিত শৰ্মা আৰু প্ৰণৱ গগৈক

৫ বছৰৰ ভিতৰত অসমক বান মুক্ত কৰাৰ প্ৰতিশ্ৰুতি অমিত শ্বাহৰ

৫ বছৰৰ ভিতৰত অসমক বান মুক্ত কৰাৰ প্ৰতিশ্ৰুতি অমিত শ্বাহৰ

মাজুলীত মুখ্যমন্ত্ৰী সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ।৫ বছৰৰ ভিতৰত অসমক বান মুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিলে অমিত শ্বাহে। ‘ভাৰত মাতা কী জয়’ ধ্বনিৰে অমিত শ্বাহে আৰম্ভ কৰি  অমিত শ্বাহে কয় যে,” সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ দৰে নেতাৰ নেতৃত্বত অসমত উগ্ৰপন্থীৰ সমস্যা নোহোৱা হ’ল।বিগত পাঁচ বছৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমত বহু

‘জনতা কাৰ্ফিউ’ৰ আজি এটা বছৰ:কৰ’নাক খেদিবলৈ বাজিছিল কাঁহী-বাতি, ঢোল-তাল

‘জনতা কাৰ্ফিউ’ৰ আজি এটা বছৰ:কৰ’নাক খেদিবলৈ বাজিছিল কাঁহী-বাতি, ঢোল-তাল

মহামাৰী কৰ’নাক প্ৰতিহত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা ‘জনতা কাৰ্ফিউ’ৰ আজি এটা বছৰ সম্পূৰ্ণ হ’ল।আজিৰ দিনটোতেই ঘোষণা কৰা হৈছিল ‘জনতা কাৰ্ফিউ। জনতা কাৰ্ফিউৰ সময়ত জৰুৰীকালীন সেৱাত জড়িত ব্যক্তিসকল যেনে আৰক্ষী,চিকিৎসা কৰ্মীকে আদি কৰি সংবাদ কৰ্মীসকলক উৎসাহ জনোৱাৰ বাবে থালি আৰু হাত চাপৰি বজাবলৈ মোদীয়ে দেশবাসীক আহ্বান কৰিছিল। কিন্তু একাংশ লোকে কাঁহী-বাতি, ঢোল-তাল,খোল-বৰকাঁহ আদিৰে