Category: Assamese News

কোকৰাঝাৰৰ গ্ৰীন ফিল্ডত গৃহমন্ত্ৰী অমিত শ্বাহ, বিটিআৰবাসীৰ উষ্ম আদৰণি

কোকৰাঝাৰৰ গ্ৰীন ফিল্ডত গৃহমন্ত্ৰী অমিত শ্বাহ, বিটিআৰবাসীৰ উষ্ম আদৰণি

কালি জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিৰ পিছত আজি কোকৰাঝাৰত উপস্থিত হয় বিজেপিৰ আনগৰাকী শীৰ্ষ নেতা গৃহমন্ত্ৰী অমিত শ্বাহ। ভীষণ কুঁৱলীৰ হেলিকপ্টাৰৰ অৱতৰণত অসুবিধা থকা বাবে মন্ত্ৰীগৰাকী নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ উপস্থিত হয় কোকৰাঝাৰৰৰ গ্ৰীন ফিল্ডত। জনগণৰ বিপুল আদৰণিৰ মাজেৰে মঞ্চলৈ আগবঢ়াই অনা অমিত শ্বাহক আদৰণি জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দর্ভত নিমাত মোদীঃ সমালোচনা কংগ্ৰেছৰ

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দর্ভত নিমাত মোদীঃ সমালোচনা কংগ্ৰেছৰ

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কালি অসম ভ্রমণৰ সময়ছোৱাত দিয়া ভাষণৰ তীব্র সমালোচনা কৰিছে বিৰোধী দল কংগ্রেছে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই তীব্র সমালোচনা কৰি কয় যে প্রধানমন্ত্রী নৰেন্দ্রমোদীয়ে আজি ভাষণত ড০ ভূপেন হাজৰিকাৰ অ’ মোৰ ধৰিত্রী আই, চৰণতে দিয়া ঠাই, খেতিয়কৰ নিস্তাৰ নাই গীতটো গাইছে৷ কিন্তু মোদী চৰকাৰেই খেতিয়কৰ নিস্তাৰ নোহোৱা

বিটিআৰ চুক্তিৰ প্রথম বর্ষপূর্তি অনুষ্ঠানঃ অমিত শ্বাহক আদৰিবলৈ সাজু বডোফা নগৰ

বিটিআৰ চুক্তিৰ প্রথম বর্ষপূর্তি অনুষ্ঠানঃ অমিত শ্বাহক আদৰিবলৈ সাজু বডোফা নগৰ

আজিৰ পৰা চাৰিদিনীয়া বর্ণিল কার্যসূচীৰে উদযাপন কৰা হ’ব বি টি আৰ চুক্তিৰ প্রথম বর্ষপূর্তি৷ বি টি আৰৰ সদৰ কোকৰাঝাৰত আৰম্ভ হৈ ওদালগুৰিত সামৰণি পৰিবলগীয়া উক্ত চাৰিদিনীয়া কার্যসূচীৰ আজিৰ উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ কৰিব ভাৰতৰ গৃহমন্ত্রী অমিত শ্বাহে৷ ইতিমধ্যে বি টি আৰ প্রশাসনে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক আদৰিবলৈ সকলো দিশৰ পৰাই সাজু

মহানগৰীৰ তিনিটা নতুন কেন্দ্রত ক’ভিড–১৯ টিকাকৰণ অভিযান আৰম্ভ

মহানগৰীৰ তিনিটা নতুন কেন্দ্রত ক’ভিড–১৯ টিকাকৰণ অভিযান আৰম্ভ

 শুকুৰবাৰৰ পৰা কামৰূপ মহানগৰ জিলাৰ তিনিটা নতুন কেন্দ্রত ক’ভিড টিকাকৰণ অভিযান আৰম্ভ হৈছে৷ মহেন্দ্র মোহন চৌধুৰী চিকিৎসালয়, ডাউন টাউন চিকিৎসালয় আৰু নমাইলস্থিত চিআৰপিএফ কম্পজিট চিকিৎসালয়ত কালিৰ পৰা আৰম্ভ হয় ক’ভিড টিকাকৰণ অভিযান৷ মহেন্দ্র মোহন চৌধুৰী চিকিৎসালয়ৰ অতিৰিক্ত অধীক্ষক ডাঃ অনুপল শর্মাই প্রথমটো ভেকচিন লৈ এই অভিযানৰ শুভাৰম্ভ কৰে৷ তাৰ পিছতে

শ্বহীদ ন্যাস ঘেৰি ধৰিলে আৰক্ষীয়ে, আছু কর্মীৰে খণ্ডযুদ্ধ

শ্বহীদ ন্যাস ঘেৰি ধৰিলে আৰক্ষীয়ে, আছু কর্মীৰে খণ্ডযুদ্ধ

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অসম ভ্রমণৰ প্রাক্সন্ধিয়া ৰাজ্যজুৰি সদৌ অসম ছাত্র সন্থা আৰু আৰক্ষী বাহিনীৰ মাজত সংঘর্ষময় পৰিস্থিতিৰ সৃষ্টি হয়৷ মহানগৰীৰ শ্বহীদ ন্যাসৰ সমীপত দুপৰীয়াৰ পৰাই বিৰাজ কৰে যুদ্ধসদৃশ পৰিৱেশ৷ উজান বজাৰৰ শ্বহীদ ন্যায়ৰ পৰাই সদৌ গুৱাহাটী ছাত্র সন্থাই কা বাতিল, ই আই এ প্রত্যাহাৰ আৰু অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ