Category: Assamese News

COVID: ১৬ জানুৱাৰীৰ পৰা অসমত প্ৰদান কৰা হ’ব ভেকচিন

COVID: ১৬ জানুৱাৰীৰ পৰা অসমত প্ৰদান কৰা হ’ব ভেকচিন

গুৱাহাটীঃ শনিবাৰৰ পৰা (১৬ জানুৱাৰী) অসমত আৰম্ভ হ’ব কোভিড-১৯ ৰ প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উক্ত দিনা আনুষ্ঠানিকভাৱে ভেকচিন প্ৰদান প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰিব। গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত স্বাস্থ্যসেৱা সঞ্চালকালয়ৰ কাৰ্যালয়ত মজুত কৰি ৰখা হৈছে দুই লক্ষাধিক কোভিড ভেকচিন। ইয়াৰে একাংশ প্ৰতিষেধক আজি লৈ যোৱা হ’ব বৰাক উপত্যকাৰ শিলচৰলৈ। অতি শীতলীকৰণ অৱস্থাত

অনাতাঁৰ শিল্পী গুণ শইকীয়াৰ মৃত্যু

অনাতাঁৰ শিল্পী গুণ শইকীয়াৰ মৃত্যু

নগাঁৱৰ বেবেজীয়াৰ কুৰুৱাবাহীৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ বৰ্ষীয়ান শিল্পী গৰাকীৰ । হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ ৬৭ বছৰ বয়সত জীৱন নাটৰ সামৰণি । গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ গীতিমালিকা অনুষ্ঠানৰ নিয়মীয়া শিল্পী আছিল গুণ শইকীয়া । অংকীয়া ভাওনাৰ দক্ষ অভিনেতাও আছিল তেওঁ । ৰাজ্যৰ সাংস্কৃতিক মহলত শোকৰ ছাঁ ।

বেকিং- কুকিঙেৰে অসমৰ নাম উজলালে গুৱাহাটীৰ ৰিমলীয়ে

বেকিং- কুকিঙেৰে অসমৰ নাম উজলালে গুৱাহাটীৰ ৰিমলীয়ে

গুৱাহাটী- ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ অসমৰ নাম উজলালে গুৱাহাটীৰ ৰিমলী মহন্তই। ভাৰতৰ বিখ্যাত চেফ সঞ্জীৱ কাপুৰ, চেফ বিকি ৰটনানি, চেফ কুনাল কাপুৰৰ দ্বাৰা পৰিচালিত ‘India’s Most Prominent Food and Hospitality Awards-2020′ ৰ Best cookery & cake classes centreৰ সন্মান লাভ কৰে ৰিমলী মহন্তই ৷ মহানগৰীৰ উলুবাৰীৰ বাসিন্দা ৰিমলী কুকিং আৰু বেকিঙৰ এগৰাকী

পদুলি মুখত ভোগৰ উৎসৱ ভোগালী, পিঠা বনোৱাত ব্যস্ত মঙলদৈৰ জিয়ৰী- বোৱাৰী

পদুলি মুখত ভোগৰ উৎসৱ ভোগালী, পিঠা বনোৱাত ব্যস্ত মঙলদৈৰ জিয়ৰী- বোৱাৰী

অসমীয়াৰ প্রাণৰ উৎসৱ বিহু। ৰঙালী বিহু যেনেকৈ অসমীয়াৰ হিয়াৰ আমঠু, ভোগালী বিহুও অসমীয়াৰ বাবেই একেই । মাঘ বা ভোগালী বিহুৰ সময়খিনি জাতিৰ কৃষকসকলৰ বাবে সমৃদ্ধিৰ সময়। বাৰিষাৰ ঘাত-প্ৰতিঘাত,দুৰ্দশাৰ পিছত ভোগৰ পৰিৱেশ থকা ভোগালী বিহুতে কৃষক অসমীয়াৰ বহুসংখ্যকে সন্তুষ্টিৰ সময় কটাব পাৰে। কিন্তু, কথাটো আচলতে ইয়াতকৈ ওপৰত। ভোগালী বিহু দৰাচলতে জাতিৰ

ধঁপাত জাতীয় সামগ্রীৰ নিষেধাজ্ঞা এবছৰলৈ বৃদ্ধি

ধঁপাত জাতীয় সামগ্রীৰ নিষেধাজ্ঞা এবছৰলৈ বৃদ্ধি

খাদ্য সুৰক্ষা আৰু মানবিশিষ্ট আইনৰ অধীনত গুটকা, পাণমছলা, ধঁপাত আৰু নিকোটিন থকা যি কোনো খোৱা সামগ্রীৰ প্রস্তুত, জমা, সৰবৰাহ, বিতৰণ, প্রদর্শন বা বিক্রীৰ ক্ষেত্রত ২০১৯ চনৰ নৱেম্বৰ মাহত খাদ্য সুৰক্ষা আয়ুক্তই আৰোপ কৰা নিষেধাজ্ঞা আৰু এবছৰলৈবৃদ্ধি কৰিছে স্বাস্থ্য বিভাগে৷ উল্লেখ্য যে কনজুমার্ছ লিগেল প্রটেকচন ফ’ৰামৰ দাবীৰ ভিত্তিত ৰাজ্যৰ খাদ্য সুৰক্ষা