অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষা বাতিল। ছচিয়েল মিডিয়াত ভাইৰেল হ’ল প্ৰশ্নকাকত। আজি ৰাজ্যজুৰি অনুষ্ঠিত হৈছিল পৰীক্ষা। ভুৱা প্ৰতিশ্ৰুতিৰে অসম আৰক্ষীত কোনো লোকে চাকৰি দিব নোৱাৰে বুলি চৰ্চিত হোৱাৰ সময়তে আজি ভাইৰেল হৈ পৰিল প্ৰশ্নকাকত। একাংশ চাকৰি প্ৰত্যাশীৰ প্ৰতি এয়া চৰম হতাশাজনক খবৰ। নিয়মীয়া বাৰ্তা
Category: Assamese News
নগাঁও আৰক্ষীয়ে আজি বিয়লি এক গোপন সুত্ৰৰ পমখেদি কেঁকো সাপসহ ৯জন চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে অভিযান চলাই নগাওঁ চহৰৰ ধিং গেটৰ পৰা কেঁকো সাপসহ চোৰাং ব্যৱসায়ী কেইটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰাং ব্যৱসায়ী কেইটা হ’ল
অসম চৰকাৰৰ পৰিবহন, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে ঘোষণা কৰে যে অসম চৰকাৰে ২লাখ অসমৰ চাহ খেতিয়কক ভূমি পট্টা প্ৰদান কৰিব । সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত অসম চৰকাৰৰ মন্ত্ৰীজনে ঘোষণা কৰে যে অহা ৫অক্টোবৰত অসম চৰকাৰে প্ৰায় ৬০,০০০ খিলঞ্জীয়া নাগৰিকক ভূমি পট্টা প্ৰদান কৰিব । ইয়াৰ আগতে প্ৰায় ৪৫,০০০
সমগ্ৰ দৰং জিলাখনত শান্তি-সম্প্ৰীতি অটুট ৰখাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দণ্ডাধীশে তৎকালীনভাৱে বলবৎ হোৱাকৈ সমগ্ৰ জিলাতে ১৪৪ ধাৰা জাৰি কৰিছে । এই অনুসৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত কোনো শোভাযাত্ৰা, ধৰ্ণা অনুষ্ঠিত কৰা বা পথ অৱৰোধ কৰা বা উপায়ুক্তৰ কাৰ্যালয়ত অকৰ্তৃত্বশীল ব্যক্তিৰ প্ৰৱেশ বা কাৰ্যালয়ৰ ১০০ মিটাৰ ব্যাসাৰ্ধ পৰ্যন্ত অনাৱশ্যকীয় সমাগম
ভাৰতীয় জনতা পার্টীৰ নেতা হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ নতুন আঞ্চলিক দল অসম জাতীয় পৰিষদ সম্পৰ্কে বহু বিদ্ৰূপ ভৰা মন্তব্য কৰে ৷ হিমন্ত বিশ্ব শর্মাই কয় – ‘এওঁলোক ইমান দিনে গুৱাহাটীত বহি আছিল৷ সাংবাদিক মেল কৰি থকা কামটো আটাইতকৈ সহজ কাম, এতিয়া ৰাইজৰ মাজত যাওক, শিকক বুজক৷ তেওঁলোকক ৰাজনীতি কৰিব