Category: Assamese News

নগাঁৱৰ আইলক্ষ্মী আঞ্চলিক আন্মানন্দ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত অভিনন্দন আৰু বঁটা প্ৰদান অনুষ্ঠান

নগাঁৱৰ আইলক্ষ্মী আঞ্চলিক আন্মানন্দ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত অভিনন্দন আৰু বঁটা প্ৰদান অনুষ্ঠান

নিউজ ব্যুৰ’,নগাঁও,২২অক্টোবৰ:–নগাঁও জিলাৰ খাগৰিজান শিক্ষা খণ্ডৰ অন্তৰ্গত আইলক্ষ্মী আঞ্চলিক আন্মানন্দ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত মঙলবাৰে অভিনন্দন আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিদ্যালয়খনৰ পৰা ২০২৪চনৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কুৰি গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।

নগাঁৱৰ ৰাইডঙীয়াত “বিকাশ”ৰ বিনামূলীয়া চকু পৰীক্ষা শিবিৰ সম্পন্ন

নগাঁৱৰ ৰাইডঙীয়াত “বিকাশ”ৰ বিনামূলীয়া চকু পৰীক্ষা শিবিৰ সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,২২অক্টোবৰ:–শিশুৰ বাবে উৎসৰ্গিত সংগঠন “বিকাশ”ৰ উদ্যোগত ৰাষ্ট্ৰীয় অন্ধতা নিবাৰণ কাৰ্যক্ৰমৰ সহযোগত নগাঁও জিলাৰ ৰাইডঙীয়াত আজি দিনযোৰা কাৰ্যসূচীৰে বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। ৰাইডঙীয়া সৌৰভ শাখা সাহিত্য সভা ভৱনত অনুষ্ঠিত শিবিৰটিত অঞ্চলৰ তিনি শতাধিক লোকক নগাঁও যুটীয়া স্বাস্থ্য সঞ্চালকৰ অধীনৰ চকু বিশেষজ্ঞ সকলৰ এটি গোটে চিকিৎসা সেৱা প্ৰদান

দীপক কলিতাৰ “সেউজীয়া সপোন এটাৰ পাছে পাছে” গ্ৰন্থলৈ ২০২৪বৰ্ষৰ শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা

দীপক কলিতাৰ “সেউজীয়া সপোন এটাৰ পাছে পাছে” গ্ৰন্থলৈ ২০২৪বৰ্ষৰ শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা

নিউজ ব্যুৰ’,নগাঁও,২২অক্টোবৰ :– অসমীয়া শিশু গ্ৰন্থৰ জন্ম আৰু চৰ্চাৰ ক্ষেত্ৰখন দুৰ্বল বুলি সততে প্ৰচাৰ চলি থকাৰ মাজতো প্ৰতিবছৰে প্ৰকাশ পোৱা বহু কেইখন শিশু উপযোগী গ্ৰন্থই শিশুৰ লগতে সাধাৰণ পাঠকৰ মন মগজুত চিন্তাৰ নতুন চেতনা জন্মাবলৈ সক্ষম হৈ আহিছে। ২০২৩বৰ্ষৰ নৱেম্বৰ মাহত প্ৰকাশ পোৱা শিশু সাহিত্যিক দীপক কুমাৰ কলিতাৰ “সেউজীয়া সপোন

নগাঁৱত প্ৰথমবাৰৰ বাবে সংস্কৃতত “অভিজ্ঞান শকুন্তলম্” মঞ্চস্থ

নগাঁৱত প্ৰথমবাৰৰ বাবে সংস্কৃতত “অভিজ্ঞান শকুন্তলম্” মঞ্চস্থ

অমৃততকৈ মিঠা সংস্কৃত ভাষা= গিৰীন্দ্ৰ কুমাৰ বৰুৱা নিউজ ব্যুৰ’,নগাঁও,২২অক্টোবৰ :– মধ্য অসমৰ আগশাৰীৰ চহৰ নগাঁৱত দেৱ ভাষা সংস্কৃতত “অভিজ্ঞান শকুন্তলম” নাটকখনি পোন প্ৰথমবাৰৰ বাবে নগাঁও জিলা সংস্কৃত ভাষা বিকাশ মঞ্চৰ দ্বাৰা সংস্কৃত ভাষাত পূৰ্ণাঙ্গ ৰূপত অভিনীত হ’ল। “অভিজ্ঞান শকুন্তলম” সম্পাদনা আৰু মঞ্চ অভিযোজনা কৰিছে নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গুণ শইকীয়াই।

আজিৰ সমাজ ব্যৱস্থাত শিক্ষকতকৈ ধনী সকলেহে অধিক সন্মান পোৱা দেখা যায়

আজিৰ সমাজ ব্যৱস্থাত শিক্ষকতকৈ ধনী সকলেহে অধিক সন্মান পোৱা দেখা যায়

প্ৰসিদ্ধ অভিনেতা আদিল হুছেইনক ২০২৪বৰ্ষৰ “আনন্দৰাম ঢেকিয়াল ফুকন” বঁটা প্ৰদান নিউজ ব্যুৰ’,নগাঁও,২১অক্টোবৰ :–নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে ২০২৪ বৰ্ষৰ ‘আনন্দৰাম ঢেকিয়াল ফুকন’ বঁটা প্ৰদান কৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমৰ প্ৰসিদ্ধ অভিনেতা তথা অসম গৌৰৱ আদিল হুছেইনক। মহাবিদ্যালয়খনৰ মূল প্ৰেক্ষাগৃহত সোমবাৰে আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰসিদ্ধ অভিনেতা গৰাকীক এই বঁটা প্ৰদান কৰা