অসম–নাগালেণ্ড সীমান্তৱর্তী এলেকাত কার্বি আংলং জিলাৰ আৰক্ষীয়ে দেওবাৰে নিচেই পুৱাৰ ভাগতে বুজন পৰিমাণৰ হেৰ’ইনসহ এজন ড্রাগ্ছ সৰবৰাহকাৰীক জালত পেলাবলৈ সক্ষম হৈছে৷ এই সন্দর্ভত আৰক্ষী সূত্রে লাভ কৰা তথ্য অনুসৰি, এক বিশেষ সূত্রে লাভ কৰা তথ্যৰ ভিত্তিত দেওবাৰে নিচেই পুৱাতে বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত তথা বোকাজান আৰক্ষী থানাৰ
Category: Top News
The Assam Government issued a new SOP for resuming the offline classes from September 6. The new SOP issued by the government stated that classes up to Class 11 will remain closed. Classes of Higher Secondary final year, degree 6th semester and Post Graduate 4th semester have been allowed to conduct from the
ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ লগে লগে 6 ছেপ্তেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ পর্যায়ক্ৰমে খুলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ শিক্ষানুষ্ঠানসমূহ পুনৰ খোলাৰ ক্ষেত্ৰত কেতবোৰ নীতি-নিৰ্দেশনা প্ৰদান কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে ৷ যিসমূহ জিলাত ক’ভিড আক্ৰান্তৰ হাৰ 2 শতাংশৰ তললৈ হ্ৰাস পাইছে সেই জিলাসমূহত দ্বাদশ, স্নাতক চূড়ান্ত বর্ষ আৰু স্নাতকোত্তৰ
দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি সংগঠনৰ প্ৰতিনিধিসকলৰ উপস্থিতিত চৰকাৰে শনিবাৰে ত্ৰিপাক্ষিক কাৰ্বি শান্তি চুক্তি স্বাক্ষৰ কৰে । ” ঐতিহাসিক কাৰ্বি আংলং চুক্তি স্বাক্ষৰ । মোডী চৰকাৰ দশকপুৰণি সংকট সমাধান, অসমৰ আঞ্চলিক অখণ্ডতা নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ,” গৃহমন্ত্ৰী অমিত শ্বাহে কয় । উল্লেখযোগ্য
ক’ভিড পৰিস্থিতিত বিদ্যালয়সমূহ বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ শিক্ষা বিভাগে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ 2021-22 শৈক্ষিক বৰ্ষৰ বাবে নৱম আৰু দশম শ্ৰেণীৰ প্ৰতিটো বিষয়ৰ পাঠ্যক্ৰম 40 শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) য়ে ৷ ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে এক জাননীযোগে এই ঘোষণা কৰিছে