নগাঁৱত অব্যাহত আছে চিলনী চোৰৰ সন্ত্ৰাস । এইবাৰ নগাঁৱৰ কৃষ্ণাহল চাৰিআলিৰ পৰা মটৰ চাইকেলত অহা দুই দুৰ্বৃত্তই এগৰাকী লোকৰ পৰা থপিয়াই নিয়ে এটা টকা ভৰ্ত্তি বেগ । জুৰীয়াৰ ফৰিদ উদ্দিন খান নামৰ লোকজনৰ পৰা এই বেগটো পালছাৰ বাইকত অহা দুই দুৰ্বৃত্তই কাঢ়ি নিয়ে । বেগটোত নগদ চল্লিশ হাজাৰ টকাৰ লগতে
Category: Top News
ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা গৃহ বিভাগ এতিয়া কাৰ নিৰ্দেশত চলে ? জনতাৰ সুৰক্ষাৰ দায়িত্বত থকা আৰক্ষীয়ে এতিয়া ব্যস্ত হত্যাকাণ্ডত জড়িত মূল অভিযুক্তক ৰক্ষণা-বেক্ষণ দিয়াত । যাৰবাবে উপায়ন্তৰ হৈ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দিলে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে । নগাঁৱৰ পৰা আদিল শ্বাহ।
ভাৰতীয় বায়ু সেনাই পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰি যোগ্য প্ৰত্যুত্তৰ দিয়াৰ নগাঁৱতো বিজয় উল্লাস প্ৰদৰ্শন কৰে ব্যৱসায়ী সন্হাই । নগাঁৱৰ হয়বৰগাঁৱৰ ব্যৱসায়ী সন্হাই আতচবাজী ফুটাই ভাৰতীয় প্ৰতিৰক্ষা বিভাগ তথা বায়ু সেনা বাহিনীক এই প্ৰত্যুত্তৰৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । ইফালে এই বিজয়ৰ বাবে মিঠাইও বিতৰণ কৰে ব্যৱসায়ীসকলে ।
কংগ্ৰেছ নেতা ভূপেন বৰাৰ পিতৃ বগিৰাম বৰাৰ স্বাস্হ্যৰ বুজ লবলৈ Health city হাস্পতালত উপস্হিত হয় ৰাহুল গান্ধী ।এসপ্তাহ ধৰি চিকিৎসাধীন হৈ আছে বগিৰাম বৰা।কেইবাটাও ৰোগত আক্ৰান্ত হৈ বৰা চিকিৎসাধীন হৈ আছে হাস্পতালখনত। #rahulgandhi #healthcity #guwahatitimesmedia