নগাঁৱত পুনৰ যৌতুকৰ বাবে বোৱাৰী নিৰ্যাতনৰ ঘটনা ৷ ধন দাবী কৰা স্বামীয়ে পত্নীক মাৰপিট কৰাতে ক্ষান্ত নাথাকি নিজৰ দুমহীয়া কন্যা সন্তানক বিক্ৰী কৰাৰো ভাবুকি ৷ উপায়ন্তৰ হৈ স্বামীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত গোচৰ তৰিলে নিৰ্যাতিতাই ৷ পিতৃ গৃহৰ পৰা পত্নীয়ে দাবী কৰা ধন আনি দিব নোৱাৰাৰ বাবে দুমহীয়া কন্যা সন্তান বিক্ৰী
Category: Top News
পঞ্চায়ত নিৰ্বাচন সমাগত৷ সমগ্ৰ অসমত পঞ্চায়ত নিৰ্বাচনী ঢৌ বলাৰ সমান্তৰাল ভাৱে বটদ্ৰৱা সমষ্টিতো ভাৰতীয় জনতা পাৰ্টীয়ে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে। যোৱাটো বিধান সভা নিৰ্বাচনৰ পিছত বিগত ২ বছৰীয়া উন্নয়নৰ খতিয়ান লৈ আজি বটদ্ৰৱা সমষ্টিৰ বিধায়ীকা গৰাকীয়ে ৰাইজৰ মাজত নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে।আকৌ কয় যে আমাৰ একমাত্ৰ লক্ষ্য উন্নয়ন৷ সেই
নগাঁওত কৃষক মুক্তিৰ গণ ধৰ্ণা ।কৃষি বিভাগত চলি থকা দুৰ্নীতিৰ প্ৰতিবাদ ।জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সমুখত এই প্ৰতিবাদ ।সময়মতে বীজ , সাৰ যোগান নিদিয়াৰ অভিযোগ ৷ BJP ৰ একনায়কত্ববাদী মনোভাৱে কৃষকক ৰামঠগন ৷ নিৰ্বাচনৰ দোহাই দি কৃষকৰ বীজ আৱদ্ধ কৰাৰ অভিযোগ ।পঞ্চায়ত নিৰ্বাচনৰ দোহাই দি BJP য়ে বীজ নিদি কৃষকক ৰামটাঙোন
অৰ্জুন ভোগেশ্বৰ বৰুৱা হায়াত হাস্পাতাল ত ভৰ্তি। বৃক্ক জনীত ৰোগত আক্ৰান্ত বিশিষ্ট ক্ৰীড়াবীদ গৰাকী। আজি সন্ধিয়া প্ৰায় ৭ বজাত চিকিৎসালয় ত ভৰ্তি হয় বৰুৱা। এই তথ্য স্পষ্ট কৰিলে চিকিৎসালয় খনৰ কৰ্তৃপক্ষই। দীৰ্ঘ দিন ধৰি বৃক্ক জনিত ৰোগৰ লগতে আন কেইবাটাও ৰোগত ক্ৰীড়াবীদ গৰাকী আক্ৰান্ত হৈ আছিল । সম্প্ৰতি বৰুৱাক চিকিৎসালয়
অসম আৰক্ষীৰ চাকৰিৰ নামত দালালি । নগাঁৱত গ্ৰেপ্তাৰ এজন যুৱক । ধৃত যুৱকজনৰ নাম সৌৰভ গাৰ্গ । আৰক্ষীৰ উপ পৰিদৰ্শকৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়াৰ নামত সংগ্ৰহ কৰিছিল ধন । নগাঁৱৰ ইটাচালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক । ধৃত যুৱকজনৰ ঘৰ আমোলাপট্টিত । সন্দীপন হাজৰিকা নামৰ এগৰাকী যুৱকৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ ।