নগাঁও জিলা জুৰীয়াৰ পূজা বাৰীত মৃন্ময় মূৰ্তি ভঙাক লৈ চাঞ্চল্য ৷ নগাঁও জিলাৰ জুৰীয়াৰ ষ্টেচন ৰোড পূজা বাৰীত যোৱা নিশা কোনো অজ্ঞাত লোকে প্ৰৱেশ কৰি মন্দিৰত থকা মৃন্ময় মূৰ্তি সমুহ ভাঙি পেলোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷ পঞ্চায়ত নিৰ্বাচনৰ আগত এই মূৰ্তি সমুহ ভাঙি অঞ্চলটোত কোনে কি বিষবাষ্প বিয়াপাব
Category: Top News
এইবাৰ মৃত নৱজাতক নহয় । চুৱাপাতনিত উদ্ধাৰ হৈছে জীৱিত নৱজাতক । নগাঁৱৰ টাউন তেলীয়াগাঁৱত এই ঘটনা । মণিৰাম নাথ নামৰ লোকজনৰ ঘৰৰ চুৱাপাতনিত উদ্ধাৰ হয় এই নৱজাতকটি । ক্ৰন্দন শুনি নৱজাতকটিক উদ্ধাৰ কৰি গাঁওবুঢ়াৰ উপস্থিতিত আৰক্ষীক চমজাই দিয়ে মণিৰাম নাথৰ পৰিয়াল আৰু প্ৰতিৱেশী একাংশ লোকে । সম্প্ৰতি চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা
কামাখ্যা ৰেল ষ্টেচনত নুৰ হুছেইন আৰু সাদেক আলি নামৰ দুজন গ্ৰেপ্তাৰ। কামাখ্যা ৰেল ষ্টেচনত ৰাতিপুৱাই RPF য়ে অভিযান হঠাৎ অভিযান চলায়। অভিযানত আটক নিচাজাতীয় টেবলেট ৰ সৈতে দুজন যুৱক। দীৰ্ঘদিন ধৰি ৰেল যাত্ৰীক টেবলেট খোৱাই লুত পাত চলাই আছিল চলন্ত ৰেলত। গোপন সূত্ৰৰ পম খেদি আটক কৰে নুৰ হুছেইন আৰু
গহপুৰৰ কলাবাৰীত শোকৰ ছাঁ দক্ষিণ কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জিত বৰাৰ পৰলোকপ্ৰাপ্তি। যকৃৎ আৰু বৃক্ক জনিত ৰোগত গুৱাহাটীত চিকিৎসাধীন হৈ থকা অৱস্থাত মৃত্যু হয়। ৰঞ্জিত বৰাৰ নশ্বৰ দেহ গৃহ অভিমুখে আনি থকা হৈছে। দক্ষিণ কলাবাৰীৰ পোকপৰা গাঁৱৰ নিৱাসী আছিল প্ৰয়াত অধ্যক্ষ গৰাকী। প্ৰয়াত ৰঞ্জিত বৰা এগৰাকী শিক্ষকৰ উপৰিও সমাজ
নগাঁৱত উদণ্ড ট্ৰাক চালকৰ দৌৰাত্ম্য । সুৰামত্ত চালকে মহতিয়াই নিলে কেইবাখনো বাহন । ৰাইজে ট্ৰাক চালকক বান্ধি গতালে আৰক্ষীক । – উদণ্ড ট্ৰাক চালকৰ বাবেই এতিয়া ত্ৰাহি মধুসূদন সুঁৱৰিবলগীয়া হৈছে নগাঁওবাসীয়ে । নগাঁও চহৰৰ একাংশ ট্ৰাক চালকৰ উদ্ভণ্ডালিৰ প্ৰকোপত মৰণত শৰণ দি যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে পথচাৰীয়ে । সোমবাৰেও এগৰাকী