চিৰাং আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ শক্তিশালী বিস্ফোৰক

1 min read

চিৰাং আৰক্ষীয়ে এক বিশেষ সূত্ৰে লাভ কৰা তথ্যৰ আধাৰত চিৰাং সংৰক্ষিত বনাঞ্চলত অভিযান চলাই আজি বৃহৎ পৰিমাণৰ শক্তিশালী বিস্ফোৰক জব্দ কৰিবলৈ সক্ষম হৈছে। আজি বিয়লি চিৰাং জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত এই তথ্য সদৰি কৰে অসম আৰক্ষীৰ অন্যতম জ্যেষ্ঠ বিষয়া তথা বিটিএডিৰ বিশেষ কৰ্তব্যৰত বিষয়া এল আৰ বিষ্ণয়ে।

আৰক্ষী বিষয়া বিষ্ণয়ে জানিবলৈ দিয়া মতে যোৱা ১৫ এপ্ৰিলত চিৰাং আৰক্ষীয়ে এক বিশেষ সূত্ৰে জিলা খনৰ দুৰ্ধৰ্ষ উগ্ৰপন্থী তথা নতুনকৈ এন এল এফ বি নামৰ উগ্ৰপন্থী সংগঠনটিৰ নেতৃত্ব বহন কৰা বাথাক বোমা তৈয়াৰ কৰিবলৈ বৃহৎ পৰিমাণৰ শক্তিশালী বিস্ফোৰক আৰু অন্যান্য আপত্তিজনক সামগ্ৰী জিলা খনৰ কোনো অজ্ঞাত স্থানত যোগাযোগকাৰীয়ে মজুত কৰি ৰাখিছে বুলি তথ্য লাভ কৰে।

খবৰ লাভ কৰা মাত্ৰেই জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত তথা উপ আৰক্ষী অধীক্ষক (সদৰ) প্ৰতাপ দাস আৰু ভাৰপ্ৰাপ্ত বিষয়া ৰুণিখাটা থানা, ভাৰপ্ৰাপ্ত বিষয়া শান্তিপুৰ উপ আৰক্ষী চকীৰ সহযোগত তিনিটা অভিযানকাৰী গোট গঠন কৰি সাম্ভাব্য স্থানত তালাচী অভিযান আৰম্ভ কৰে। চিৰাং সংৰক্ষিত বনাঞ্চলত অভিযান আৰম্ভ কৰা সময়ত অভিযানকাৰী দলে গভীৰ বনাঞ্চলত কেইজনমান খৰিকটীয়া তথা সন্দেহযুক্ত চোৰাং চিকাৰীক লগ পাই সোধাপোছা কৰে। তেওঁলোকৰ মাজত এজনক আটক কৰি অধিক জেৰা কৰাত আছল তথ্য ওলাই পৰে।

ৰুণিখাটা আৰক্ষী থানাৰ অন্তৰ্গত শান্তিপুৰ শিলিখাগুৰিৰ আটকাধিন লোক জনক দুৰ্ধৰ্ষ চোৰাং চিকাৰী তথা বাথাৰ অন্যতম যোগাযোগকাৰী লালচিং বুলি আৰক্ষীয়ে চিনাক্ত কৰাৰ লগতে লালচিঙৰ বাসগৃহৰ পিছফালে হাবিত লুকুৱাই ৰখা অৱস্থাত ৭.৫ কিলোগ্ৰাম সন্দেহযুক্ত টি এন টি বিস্ফোৰক,১০০ গ্ৰাম গান পাউদাৰ, ১০৬ টা লোৰ বল,কেইটামান বল-বিয়েৰিং, দুটা ১২ ভল্টৰ বেটাৰী, দুটা নতুন প্ৰেছাৰ কুকাৰ,৭০ মিটাৰ দৈৰ্ঘ্যৰ দুটা ফেক্সিবল তাঁৰৰ কুণ্ডলি (coil),দুটা সজা বন্দুক আৰু অন্যান্য আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰি জব্দ কৰিবলৈ সক্ষম হয়। লালচিঙে আৰক্ষীৰ জেৰাত উক্ত সামগ্ৰী খিনি বাথাক দিবলৈ মজুত কৰি ৰখাৰ লগতে প্ৰেছাৰ কুকাৰ দুটা শিলিখাগুৰিৰ স্থানীয় বজাৰত ক্ৰয় কৰা বুলি স্বীকাৰ কৰে।

বোমা, গ্ৰেনেড আদি নিৰ্মাণত পাকৈত বাথাই প্ৰেছাৰ কুকাৰত বোমা তৈয়াৰ কৰি কোনো বিশেষ ব্যক্তি,সুৰক্ষা বাহিনীক বোমাৰে আক্ৰমণ কৰাৰ লগতে ৰে’ল আলি উৰুৱাই দিয়া আদিৰ দৰে কূটাঘাটৰ পৰিকল্পনা হাতত লৈছিল বুলি সংবাদ মেলত আৰক্ষী বিষয়া এল আৰ বিষ্ণয়ে সন্দেহ প্ৰকাশ কৰে। সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিষ্ণয়ে ভাৰত-ভূটান সীমান্তৰ গভীৰ বনাঞ্চলত বাথাৰ নেতৃত্বত প্ৰায় ৪০ জনীয়া উগ্ৰপন্থী সংগঠনৰ সদস্যই সৰু সৰু কেইবাটাও গোটত বিভক্ত হৈ আত্মগোপণ কৰি থকা বুলি জনায়।

অসম আৰক্ষীৰ জ্যেষ্ঠ বিষয়া জনে বাথাৰ নেতৃত্বত গঠন কৰা উগ্ৰপন্থী সংগঠনটোৰ বিৰুদ্ধে আৰক্ষী আৰু সুৰক্ষা বাহিনীৰ অভিযান অব্যাহত ৰাখিছে বুলিও মন্তব্য কৰে। নিৰপৰাধী লোকক কোনো হাৰাশাস্তি কৰা নহয় বুলি বিষয়া জনে মন্তব্য কৰাৰ লগতে বাথাৰ সৈতে যোগাযোগ ৰক্ষা কৰা কাকো ৰেহাই দিয়া নহব বুলিও জানিবলৈ দিয়ে।।

You May Also Like

More From Author