অসমত ওলাইছে ইউ কে ভেৰিয়েণ্টৰ ক’ভিড, লগে লগে কৰে হাঁওফাঁওত আক্রমণ

0 min read

অসমত এইবাৰ ইউকে ভেৰিয়েণ্টৰ ক’ভিড সংক্রমণ ঘটিছে৷ এই ইউকে ভেৰিয়েণ্টৰ ক’ভিডে অতি সোনকালে হাঁওফাঁওত আক্রমণ কৰে৷ –এই সাৱধান বাণী স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ দেওবাৰে গুৱাহাটীত মন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত কয় যে চিকিৎসকে জনোৱা অনুসৰি ইউ কে ভেৰিয়েণ্টৰ ক’ভিডে শৰীৰত অৱস্থিতি লোৱাৰ লগে লগে অতি সোনকালে হাঁওফাঁওত আক্রমণ কৰে৷ এইবিধ ক’ভিড অতি পাতল আৰু বতাহত উৰি থাকে৷ দ্রুতগতিত ইয়াৰ সংক্রমণ হয়৷

চিকিৎসকে অভিজ্ঞতাৰ পৰা ধাৰণা কৰা অনুসৰি এইবিধ ক’ভিডৰ ভয়াৱহতা আগৰ দৰেই৷ আগতকৈ বেছি ভয়াৱহ বুলি কোনো গৱেষণা হোৱা নাই৷ দৈনিক মৃত্যুৰ সংখ্যা দুইৰ পৰা পাঁচজনৰ ভিতৰত থকা বুলি উল্লেখ কৰি তেওঁ কয় যে মৃত্যুৰ সংখ্যা নিয়ন্ত্রণত আছে৷ অৱশ্যে চিকিৎসকৰ মতে ছিৰিয়াছ ৰোগীৰ সংখ্যা ক্রমাৎ বাঢ়িবলৈ ধৰিছে৷ ক’ভিড পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ গুৱাহাটীত কিছু হাস্পতাল আৰু বিছনাৰ প্রয়োজন আছে বুলি জানিবলৈ দি তেওঁ কয় যে পৰহিলৈ পুৱাৰ পৰা মহেন্দ্র মোহন চৌধুৰী হাস্পতালখন ক’ভিড হাস্পতাললৈ ৰূপান্তৰ হ’ব৷ হাস্পতালখনত থকা সাধাৰণ ৰোগীসকলক জি এম চি এইচলৈ স্থানান্তৰ কৰা হ’ব৷

অৱশ্যে প্রসূতি শাখাটো তাতেই থাকিব৷ আনহাতে, অহা চাৰি দিনৰ ভিতৰত সৰুসজাই ষ্টেডিয়াম, নেহৰু ষ্টেডিয়াম, পতঞ্জলি, আমিনগাঁৱৰ এম এছ এম ই, শিঙিমাৰী হাস্পতাল, কলিতাকুছি হাস্পতাল আৰু ৰহমান ইনষ্টিটিউট অৱ পেৰামেডিকেলকেইখন ক’ভিড হাস্পতাললৈ ৰূপান্তৰ কৰা হ’ব৷ একেদৰে খানাপাৰা, পলাশবাৰী আৰু সৰুসজাইত ক’ভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰা হ’ব৷

তেওঁ আৰু জানিবলৈ দিয়া মতে, বর্তমান ৰাজ্যখনত পাঁচ লাখ ৯৮ হাজাৰ ক’ভিড ভেকচিন মজুত আছে৷ কালিৰ দিনটোত ৮,৮৯৭গৰাকী লোকে ভেকচিন লৈছে৷ অক্সিজেনৰ ক্ষেত্রতো প্রয়োজন হোৱা ৪০ মেট্রিকটনৰ বিপৰীতে ৩০০ মেট্রিকটন অক্সিজেন মজুত আছে৷ ৰেমডেছিৱিৰ ১২ হাজাৰৰ ওচৰা–উচৰি আছে৷ দেওবাৰে আৰু ৫ হাজাৰ আহি পাব৷ সেয়ে ক’ভিডৰ চিকিৎসাক লৈ বিশেষ সমস্যা নাই বুলি তেওঁ প্রকাশ কৰে৷

You May Also Like

More From Author