দক্ষিণগাঁৱত কিশোৰসহ ৪ ড্রাগ্ছ আসক্তক গ্রেপ্তাৰ

0 min read

নিষিদ্ধ ড্রাগ্ছৰ বিৰুদ্ধে অব্যাহত আছে মহানগৰ আৰক্ষীৰ অভিযান৷ মহানগৰীৰ ভগদত্তপুৰ আৰক্ষীয়ে আজি গোপন সূত্রৰ ভিত্তিত অভিযান চলাই দক্ষিণগাঁৱৰ পাহাৰৰ পৰা কিশোৰসহ ৪জন তিনিজন ড্রাগ্ছ আসক্তক গ্রেপ্তাৰ কৰে৷ ধৃত ড্রাগ্ছ আসক্ত যুৱককেইটা বাবুল বর্মন (১৯), ৰকিবুল আলী (১৯), চিৰাগ দেউৰী (১৮) আৰু এজন ১৭ বছৰীয়া কিশোৰ৷ আৰক্ষী সূত্রই জনোৱা মতে, ধৃত যুৱককেইটাই পাহাৰৰ দাঁতিত থকা পৰিত্যক্ত মন বিকাশ কেন্দ্রত ড্রাগ্ছ সেৱন কৰি থকাৰ মাজতেই আৰক্ষীয়ে হাতে–লোটে গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে যুৱক তিনিজনৰ পৰা ৫০ মিলিগ্রাম ড্রাগ্ছ, কেইবাটাও প্লাষ্টিকৰ খালী কণ্টেইনাৰ, ছিৰিঞ্জ আৰু এখন বাইক জব্দ কৰে৷ উল্লেখ্য যে যুৱককেইজনে পল্টন বজাৰৰ পৰা ড্রাগ্ছ ক্রয় কৰি সেৱন কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

You May Also Like

More From Author