দীপৰ বিলৰ ৰে’লপথ স্থানান্তৰৰ পোষকতা

0 min read

মহানগৰীৰ গাতে লাগি থকা পক্ষী অভয়াৰণ্য দীপৰ বিলৰ সৌন্দর্যবর্ধনৰ বাবে ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে৷ দেশী–বিদেশী পর্যটকক আকর্ষিত কৰাৰ লগতে প্রায় ৪১৪ হেক্টৰ ভূমি আগুৰি থকা দীপৰ বিল প্রদূষণমুক্ত কৰি তুলিবলৈ ৰাজ্য চৰকাৰে যাৱতীয় ব্যৱস্থা গ্রহণৰ পৰিকল্পনা হাতত লৈছে৷ তদুপৰি বিলৰ মাজেৰে পাৰ হৈ যোৱা ৰে’লআলি স্থানান্তৰিত কৰাৰ বাবেও চৰকাৰখনে চিন্তা–চর্চা কৰিছে৷ আজি সন্ধিয়া জনতা ভৱনত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী অশোক সিংঘালৰ চৰকাৰী কক্ষত অনুষ্ঠিত হয়৷ সভাত মন্ত্রী সিংঘাল, পৰিৱেশ আৰু বনমন্ত্রী পৰিমল শুক্লবৈদ্য, মুখ্য বন সংৰক্ষক (বন্যপ্রাণী), অমিত সাহাই, বন সংমণ্ডল বিষয়া, গুৱাহাটীৰ লগতে অন্যান্য বিষয়াসকলৰ উপস্থিতিত জলাহভূমিৰ কিছু অংশত পৰিলক্ষিত হোৱা পানী প্রদূষণ আৰু পেলনীয়া সামগ্রীৰ নিষ্কাশনৰ বিষয়ে আলোচনা কৰা হয়৷

তদুপৰি সভাত জলাহভূমিৰ সংবেদনশীল পৰিৱেশৰ প্রতি লক্ষ্য ৰাখি ৰে’লপথটো পুনঃস্থানান্তৰিত কৰাৰ বিষয়টো উত্থাপিত হয়৷ মন্ত্রী শুক্লবৈদ্যই কয় যে তেওঁৰ বিভাগৰ পৰা ইতিমধ্যে জলাহভূমিৰ বাবে কেতবোৰ পদক্ষেপ গ্রহণ কৰা হৈছে৷ শব্দ প্রদূষণৰ ফলত পৰিভ্রমী চৰাইসমূহৰ সমস্যাৰ সৃষ্টি হয়, তাক স্থানান্তৰিত কৰাৰ বাবে ভাৰত চৰকাৰলৈ প্রস্তাৱ পঠিওৱা হৈছে৷ এই অঞ্চলটো ইকো ছেনচিটিভ অঞ্চল ঘোষণা হোৱাৰ পিছত ৰাষ্ট্রীয় গ্রীন ড্রিবিউনেল কর্তৃপক্ষৰ পৰা এইক্ষেত্রত অনুমতি পোৱা যাব৷ পর্যটকসকলক আকর্ষণ কৰাৰ উদ্দেশ্যে পথৰ কাষেৰে বাইচাইকেলৰ বাবে এক বিশেষ পথ নির্মাণৰ বিষয়ে কর্তৃপক্ষই চিন্তা–চর্চা কৰি আছে৷

গুৱাহাটী মহানগৰীৰ পৰা দক্ষিণ–পশ্চিম দিশত অৱস্থিত দীপৰ বিল হ’ল এক ৰামছাৰ স্থান, বর্ষজুৰি পানীৰে ভৰা এক জলাশয় আৰু ইয়াৰ জৈৱিক, পাৰিৱেশিক মূল্যৰ বাবে বিখ্যাত৷ ৪১৪ হেক্টৰ অঞ্চলজুৰি বিয়পি থকা এই জলাহভূমি এক পক্ষী অভয়াৰণ্য য’ত প্রায় ৭০টা পৰিভ্রমী চৰাইৰ উপৰি ২০০ প্রজাতিৰ চৰাইৰ বাসস্থান৷ হাতীসমূহৰ বাবেও এই জলাহভূমি এক প্রধান অহা–যোৱা কৰা বাট৷ সেয়েহে দীপৰ বিল সংৰক্ষণৰ ক্ষেত্রত প্রয়োজন ব্যৱস্থা গ্রহণ কৰাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা গ্রহণ কৰিব৷

You May Also Like

More From Author