ভেৰগাঁও মহকুমা সদৰস্থিত আই টি আই হঠাৎ পৰিদৰ্শন কাৰ্যবাহী সদস্য উইলছন হাজদাৰ

1 min read

বিটিআৰৰ কাৰ্যবাহী সদস্য উইলছন হাজদাই শুকুৰবাৰে হঠাতে ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমা সদৰস্থিত ১৯৮৬ চনতে স্থাপিত আই টি আই পৰিদৰ্শন কৰি অভাৱ অভিযোগৰ বুজ লোৱাৰ লগতে সাংবাদিকক সম্বোধন কৰি কয় বিটিআৰ, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ জৰিয়তে আমি এই প্ৰতিষ্ঠানখনক উন্নত মানদণ্ডৰ কৰিবলৈ যত্নপৰ হম।

 

হেৰুৱাই যোৱা গৰিমা আমাৰ চৰকাৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ ডাঙৰীয়াই ঘূৰাই আনিবলৈ নিশ্চয় সক্ষম হ’ব। যুৱক যুৱতীৰ স্কিল ডেভেলপমেণ্টৰ বাবে আমি গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছো।

কোনেও বেকাৰ হৈ থাকিব নালাগে ।বৰ্তমান যিহেতু চাকৰি পোৱা নাযায় সেয়ে আই টি আইৰ জৰিয়তে শিক্ষিত নিবনুৱা সকলে আত্মনিৰ্ভৰ হ’ব পাৰিব।

স্ব নিৰ্ভৰশীল হব যুৱক- যুৱতীসকলে। ভেৰগাঁও আই টি আই ক উন্নত মানদণ্ডৰ কৰি তোলাৰ লগতে ছাত্ৰ -ছাত্ৰীৰ উপযোগী নতুন বিষয় সোমাব পাৰি নেকি আজি বিষয়া কৰ্মচাৰীৰ সতে আলোচনা কৰা হৈছে।

বিটিআৰৰ মুখ্য কাৰ্যবাহী ডাঙৰীয়াও এই বিষয় বিলাকত গুৰুত্ব আৰোপ কৰিছে কোকৰাঝাৰ ,চিৰাং ,ওদালগুৰি জিলাত থকা আই টি আই কেইখনক নতুন ৰূপ দিবলৈ প্ৰচেষ্টা হাতত লোৱা হৈছে আৰু বাকশা জিলাত আই টি আই নিৰ্মাণ কৰিবলৈ প্ৰস্তাৱ লোৱা হৈছে।

আশাকৰো অনাগত দিনত বিটিআৰ, অসম বা ভাৰত চৰকাৰে মানৱ সম্পদ বিকাশৰ অৰ্থে এই শিক্ষা প্ৰতিষ্ঠান কেইখনৰ হকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ বুলি আশ্বাস প্ৰদান কৰে।

You May Also Like

More From Author