গুৱাহাটীত ৰন্ধন কর্মীৰ উত্তাল বিক্ষোভ; কামৰ বিনিময়ত মজুৰি দাবী

0 min read

ন্যায্য প্রাপ্যৰ দাবীত বুধবাৰে মহানগৰীৰ বেজবৰুৱা চ’ক (গুৱাহাটী ক্লাব ৰ’টাৰী)ত সদৌ অসম মধ্যাহ্ণ ভোজন কর্মচাৰীৰ বেনাৰত ৰন্ধন কর্মচাৰীসকলে প্রতিবাদ সাব্যস্ত কৰে৷ প্রতিবাদী কার্যসূচীৰ অন্তত ৰাজ্য চৰকাৰলৈ প্রেৰণ কৰা অনুৰোধ তথা স্মাৰক–পত্রত কোৱা হয় যে বকেয়া মাননি শীঘ্রে আদায় দিয়া, বাজেটত ৰন্ধন কর্মচাৰীৰ মাননি বৃদ্ধি কৰা, ঘোষিত নূ্যনতম মজুৰিৰ ভিত্তিত ৰন্ধন কর্মচাৰীসকলৰ মাননি (বছৰৰ ১২ মাহৰ বাবে) ধার্য কৰি নিয়মিতভাৱে আদায় দিয়াটো নিশ্চিত কৰা, ৰন্ধন কর্মচাৰীৰ বর্খাস্তকৰণ ৰোধ কৰা, বর্খাস্তকৰণৰ চিকাৰ হোৱা ৰন্ধন কর্মচাৰীসকলক কামত বাহাল ৰখাৰ ব্যৱস্থা গ্রহণ কৰা, মধ্যাহ্ণ ভোজন আঁচনিৰ (যিকোনো ৰূপত) ব্যক্তিগতকৰণ বন্ধ কৰা, কেন্দ্রীয় ৰন্ধনশালা বন্ধ কৰা আৰু প্রত্যক্ষ লাভ হস্তান্তৰকৰণৰ জৰিয়তে মধ্যাহ্ণ ভোজন আঁচনি ধ্বংস কৰাৰ প্রচেষ্টা বন্ধ কৰাৰ কার্যকৰী পদক্ষেপ শীঘ্রে গ্রহণ কৰক৷

প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰি চি আই টি ইউৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শর্মাই ৰন্ধন কর্মীসকলৰ বিভিন্ন দাবীৰ ওপৰত অলোকপাত কৰে৷ কেৱল অনুনয়–বিনয়ৰ মাজেৰে ৰন্ধন কর্মচাৰীসকলে কামৰ নিৰাপত্তা পোৱাটো সম্ভৱ নহয়৷ বৰঞ্চ আক্রমণ ঘনীভূত হ’ব৷ ইয়াৰ বাবে আৰু প্রতিৰোধৰ দ্বাৰা চৰকাৰী আক্রমণ প্রতিহত কৰিব লাগিব৷ প্রতিবাদী কার্যসূচীত ইউনিয়নৰ কার্যকৰী সভাপতি বিবেকানন্দ অধিকাৰী, সাধাৰণ সম্পাদিকা কনকলতা দাস, উপ–সভানেত্রী চিত্রা ৰাজবংশীয়েও বক্তব্য দাঙি ধৰে৷ বক্তাসকলে উল্লেখ কৰা অনুসৰি মধ্যাহ্ণ ভোজন আঁচনিত কর্মৰত ৰন্ধন কর্মচাৰীসকলে মাহিলি মাত্র ১,০০০ টকা মাননিতে কাম কৰি থাকিবলগীয়া হৈছে৷ দীর্ঘদিনৰ আন্দোলনৰ পাছত ২০২০ চনৰ এপ্রিল মাহৰ পৰা কার্যকৰী হোৱাকৈ অসম চৰকাৰে ৫০০ টকাকৈ মাননি বৃদ্ধি কৰিছিল৷ এই সামান্য মাননিখিনিও নিয়মীয়াকৈ আদায় নিদিয়ে৷ চলিত বছৰত তিনি মাহৰ মাননিহে ৰন্ধন কর্মচাৰীৰ বেংক একাউণ্টত সোমাইছে যদিও তাৰে মার্চ মাহৰ বাবে ১,০০০ টকাহে দিছে৷

ক’ভিড পৰিস্থিতিৰ মাজতো চৰকাৰৰ এনে কার্যত অতিষ্ঠ হৈ ৰন্ধন কর্মচাৰীসকলে প্রতিবাদী কার্যসূচী ল’বলৈ বাধ্য হৈছে বুলি বক্তাসকলে উল্লেখ কৰে৷ ইউনিয়নৰ নেতৃত্বই আকৌ জানিবলৈ দিয়ে যে দৈনিক মাথোন ৪১ টকা মাননিত অসমৰ প্রায় ১,১৮,০০০ ৰন্ধন কর্মচাৰী, যিসকলৰ গৰিষ্ঠসংখ্যকেই হৈছে মহিলা, বিগত ১৬টা বছৰ ধৰি চৰকাৰী কামত খটুৱাই আছে৷ অথচ এই সময়ছোৱাত খাদ্য–সামগ্রীকে ধৰি প্রতিবিধ নিত্য প্রয়োজনীয় সামগ্রীৰ মূল্যবৃদ্ধি আকাশলংঘী হৈছে৷ তেওঁলোকে উদ্বেগ প্রকাশ কৰে যে কেইবাবাৰো অসমৰ শিক্ষামন্ত্রী, বিত্তমন্ত্রীৰ উপৰি মুখ্যমন্ত্রীক মেইলযোগে অনুৰোধ–পত্র আৰু স্মাৰক–পত্র প্রদান কৰাৰ পাছতো শেহতীয়া বাজেটত ৰন্ধন কর্মচাৰীসকলৰ ক্ষেত্রত কোনো কথাই চৰকাৰে উল্লেখ নকৰিলে৷

এগৰাকী মহিলা বিত্তমন্ত্রীয়ে উত্থাপন কৰা বাজেটত চৰকাৰৰ গুৰুত্বপূর্ণ সমাজ কল্যাণমূলক বৃহত্তম শিশু খাদ্য আঁচনিখনৰ তৃণমূল স্তৰত ১৬ বছৰ ধৰি বিনামজুৰিত সেৱা আগবঢ়াই থকা লক্ষাধিক মহিলাৰ প্রতি চৰম অৱহেলা প্রদর্শন কৰিলে৷ প্রতিবাদী কার্যসূচীৰ মাজৰ পৰাই ইউনিয়নে, দেশৰ শ্রমিক–কৃষকৰ যৌথ আন্দোলনে তুলি ধৰা ‘ৰন্ধন কর্মচাৰীসহ আঁচনিভুক্ত শ্রমিকৰ মাননি শীঘ্রে বৃদ্ধি কৰা আৰু নিয়মীয়া শ্রমিকৰ স্বীকৃতি দিয়া’ৰ দাবীকে ধৰি জনজীৱনৰ গুৰুত্বপূর্ণ ১১টা দাবীৰ সমর্থনত ৯ আগষ্টৰ ‘ভাৰত বচাও দিৱস’ৰ কার্যসূচীত কান্ধত কান্ধ মিলাই অংশগ্রহণ কৰাৰ বাবে ৰন্ধন কর্মচাৰীসকলৰ প্রতি আহ্বান জনায়৷

You May Also Like

More From Author