গুৱাহাটী চলচ্চিত্র উৎসৱ, কথাছবিৰ তালিকা চাওক

1 min read

২৭ ফেব্রুৱাৰীৰ পৰা  আৰম্ভ হ’ব ১৩সংখ্যক আন্তঃৰাষ্ট্রীয় গুৱাহাটী চলচ্চিত্র উৎসৱ। গুৱাহাটী চিনে ক্লাবৰ উদ্যোগত অনুষ্ঠিতব্য এই চলচ্চিত্ৰ উৎসৱ গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত মার্চলৈ চলিব। প্ৰদৰ্শন কৰা হব দেশ-বিদেশৰ বহু খ্যাতিমান কথাছবি।

চলচ্চিত্র উৎসৱত জার্মানী, টিউনিচিয়া, ক্রৱেচিয়া, গ্রীচ, মেক্সিকো, বাংলাদেশৰ লগতে ভাৰতীয় চলচ্চিত্র শিতানত মালয়ালম ভাষাৰ চলচ্চিত্র ‘ডার্কনেছ’, হিন্দী ভাষাৰ ‘ম’চ’ আৰু ‘৪–চাম’ প্রদর্শন কৰা হ’ব৷

ইয়াৰ উপৰি প্রদ্যুৎ ডেকাৰ পৰিচালিত ‘চিয়াঁহীৰ ৰং’ চলচ্চিত্রখনৰ প্রিমিয়াৰ শ্ব’ প্রদর্শন কৰা হ’ব৷ বিশিষ্ট চলচ্চিত্র পৰিচালক সত্যজিৎ ৰায়ৰ নামত উৎসর্গিত এই চলচ্চিত্র উৎসৱত ‘পথেৰ পাচালি’ ছবিখন প্রদর্শন কৰা হ’ব৷

মহোৎসৱত মেঘালয়ৰ ৱালফ্রাংগ দিংদোৰ ‘লোর্নি– দ্য ফ্লানুৰ’ চলচ্চিত্রখন প্রদর্শনেৰে উৎসৱৰ সামৰণি মৰা হ’ব৷ ইচ্ছুকসকলে ৯৪৩৫০–৪৩৯০১, ৯৮৬৪০–২১২১০ আৰু ৯৪৩৫৩–৪৩২৭৪ নম্বৰত যোগাযোগ কৰিব পাৰিব৷

You May Also Like

More From Author