জালুকবাৰীৰ সুধাকণ্ঠ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ কৰুণ মৃত্যু

জালুকবাৰীৰ সুধাকণ্ঠ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ কৰুণ মৃত্যু

জালুকবাৰীস্থিত সুধাকণ্ঠ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত অঘটন। সমাধিক্ষেত্ৰৰ পানীৰ ফাউন্টেইনত বিদ্যুৎস্পৃষ্ট হৈ এজন যুৱকে সাৱটি লয় কৰুণ মৃত্যু।

মৃত্যুবৰণ কৰা যুৱকজন পাণ্ডু বিবিচি কলনীৰ শুভম ৰয় বুলি তথ্যত প্ৰকাশ। জানিব পৰা মতে, পৰিয়ালৰ সৈতে সমাধিক্ষেত্ৰ দৰ্শন কৰিবলৈ আহিছিল যুৱকজন। সেই সময়ছোৱাতে সমাধিক্ষেত্ৰৰ পানীৰ ফাউন্টেইনত হঠাৎ বিদ্যুৎস্পৃষ্ট হৈ আঘাতপ্ৰাপ্ত হয়।  যুৱকজনক ততাতৈয়াকৈ লৈ যোৱা হয় চিকিৎসালয়লৈ। কিন্তু দুৰ্ভাগ্যক্ৰমে চিকিৎসকে মৃত ঘোষণা কৰে যুৱকজনক।

GTM Desk

Related