20.1 C
Assam
Monday, March 20, 2023

Featured News

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু, ১ এপ্ৰিলত ঘৰলৈ আহিম বুলি কোৱা ধৃতাশ্ৰীৰ মৃত্যু

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। যুৱতীগৰাকী সীমান্ত...

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা…..

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ...

পুৱা খালী পেটত চাহ খায় নেকি? তেনেহ’লে সাৱধান!

Assamese Newsপুৱা খালী পেটত চাহ খায় নেকি? তেনেহ’লে সাৱধান!

পুৱা গৰম চাহত চুমুক দি দিনটো আৰম্ভ কৰা হয়৷ ধোৱা ওলোৱা চাহৰ আমেজেই বেলেগ৷ চাহ পান কৰাটো আপোনাৰ প্ৰতিদিনৰ অভ্যাস নেকি? জানি লওক সকলো বস্তুৰ এটা নিৰ্দিষ্ট সময় আছে৷ সেই কাৰণে চাহ খোৱাৰো নিৰ্দিষ্ট সময়সূচী আছে৷ পুৱা চাহ খোৱাটো কোনো কাৰণতে স্বাস্থ্যকৰ নহয়৷ পুৱাই চাহ খালে বৃদ্ধি পায় এছিডৰ সমস্যা৷ সেয়ে চাহ খোৱাৰ আগতে কেৱল বিস্কুত নহয়, পেট ভৰাই অন্য খাদ্য খাই ল’ব৷ যদি সেইটো নকৰে তেনেহ’লে সন্মুখত ভয়ংকৰ বিপদ৷ এতিয়াই সমস্যাই দেখা নিদিলেও ভৱিষ্যতে ভয়ংকৰ শাৰীৰিক সমস্যাত ভুগিব লাগিব আপুনি৷ খালীপেটত চাহ খালে কি কি সমস্যা হ’ব পাৰে –

  • চাহএছিডৰ মূল কাৰণ৷ যদিহে গাখীৰমিশ্ৰিত চাহ হয় তেতিয়াটো আৰু বিপদ চপাই অনা হ’ব৷
  • খালীপেটত চাহ খালে আপোনাৰ শৰীৰত প্ৰ’টিনৰ অভাৱ ঘটিব৷ সমান্তৰালকৈ পুষ্টি উৎপাদনৰ ক্ষমতাও কমি যাব৷
  • খালীপেটত গাখীৰ চাহ খালে দিনৰ মাজভাগৰ পৰা শৰীৰত অৱসাদে দেখা দিয়ে৷ পেট ফুলাৰ সম্ভাৱনাও প্ৰৱল৷
  • গাখীৰ চাহ খালে মূৰৰ বিষ বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰৱল৷ যদি আপুনি চাকৰি কৰে তেন্তে কাৰ্যালয়ত দিনৰ মাজভাগতেই এনাৰ্জি হেৰুৱাব পাৰে৷ সমান্তৰালকৈ গোটেই দিনটো বমি বমি ভাব আহিব পাৰে৷ কাৰণ চাহত প্ৰচুৰ পৰিমাণে ‘টেনিন’ থাকে৷ ইয়াৰোপৰি কেফেইন, এলথায়’নিন আৰু থিয়ফাইলিন থকাৰ কাৰণে বদহজম হোৱাৰ সম্ভাৱনা প্ৰৱল৷
  • দিনত চাৰি বা পাঁচকাপ চাহ খালে পুৰুষৰ প্ৰষ্টেট কেন্সাৰ হোৱাৰ সম্ভাৱনা যথেষ্ট৷ প্ৰসংগত উল্লেখ যে, চাহ পান কৰাতো শৰীৰৰ বাবে একেবাৰে ক্ষতিকাৰক

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!