মৃতদেহ তুলি ভাগৰি নপৰা চাপৰমুখৰ হেমৰাজ বাছফৰঃ বিশ বছৰ ধৰি ডেৰ সহস্ৰাধিক মৃতদেহ উদ্ধাৰ

মৃতদেহ তুলি ভাগৰি নপৰা চাপৰমুখৰ হেমৰাজ বাছফৰঃ বিশ বছৰ ধৰি ডেৰ সহস্ৰাধিক মৃতদেহ উদ্ধাৰ

মৃতদেহৰ নাম শুনিলেই হয়টো বহুতৰে ভয়ত পেটতে হাতভৰি লুকাই।যদি তাতে দূৰ্ঘটনাত ছিন্ন-ভিন্ন মৃতদেহ নাইবা উৱলি যোৱা হয়, তেন্তে সেইটো আৰু ভয়ংকৰ।তেনে সময় হয়তো আপুনি দহ মিটাৰ দূৰৈত অৱস্থান ল’ব নাইবা সেইফালেদি মুখ কৰিবলৈ কুন্ঠাবোধ কৰিব! কিন্তু এজন যুৱকে সেই ছিন্ন-ভিন্ন মৃতদেহৰ লগত কৰে বন্ধুত্ব !আপোনাৰ হয়তো বিশ্বাস নহ’ব পাৰে, কিন্তু এইজন যুৱকে সঁচা অৰ্থত মৃতদেহৰ সৈতে কৰে মিতিৰালি। সভ্য সমাজে এনে লোকক ঘৃণাত নাক কোচালেও এইজন যুৱকে নিজৰ কৰ্তব্য নিষ্ঠাৰ বাবে উন্মুক্ত নাকেৰে বিশুদ্ধ বায়ু গ্ৰহণ কৰি আহিছে। হয়, পথ দূৰ্ঘটনাই হওক কিম্বা অন্য কাৰণতেই হওক বিভিন্ন সময়ত মৃত্যু মুখত পৰি ছিন্ন-ভিন্নহৈ থকা মানুহৰ মৃতদেহ উদ্ধাৰ কৰি সমাজৰ সামাজিক দায়িত্ব পালন কৰা এই ব্যক্তিজনৰ নাম হেমৰাজ বাছফৰ(৩৬) ।

নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত চাপৰমুখ ৰেলৱে হৰিজন কলনিত বসবাস কৰা হেমৰাজ বাছফৰে সুদীৰ্ঘ বিশবছৰে প্ৰায় ডেৰ সহস্ৰাধিক মৃতদেহ তুলি সভ্য সমাজক নিকা কৰি তুলিবলৈ চেষ্টা কৰি আহিছে। উল্লেখ্য যে,মানৱতাৰ জয়গান গোৱা সভ্য সমাজৰ অধিকাংশ লোকে দূৰ্ঘটনাত মৃত্যু হোৱা মানুহৰ মৃতদেহক সাধাৰণতে অস্পৃশ্য হিচাপে জ্ঞান কৰাত বহু সময়ত সংকটত পৰি আহিছে আৰক্ষী বিভাগ। কিন্তু এনে সংকটৰ সময়ত হেমৰাজ বাছফৰ দৰে একোজন ব্যক্তিৰ দ্বায়িত্ব আৰু কৰ্ম নিষ্ঠাৰ বাবে আৰক্ষীৰ সহায় হৈ পৰিছে। ফলত এই হেমৰাছ বাছফৰ আৰক্ষীৰ বাবে হৈ পৰে সুহৃদ স্বৰূপ। এই হেমৰাজেই আৰক্ষীৰ আহ্বানত ছিন্ন-ভিন্ন অথবা উঁৱলি যোৱা মৃতদেহ সমূহ উদ্ধাৰ কৰি আৰক্ষীক সহায় কৰি আহিছে। দিন-ৰাতি যিকোনো সময়তে সক্ৰিয় হৈ থকা হেমৰাজ বাছফৰ এতিয়া আৰক্ষীৰ পৰম বন্ধু।

মনকৰিবলগীয়া যে, চাপৰমুখ ৰেলৱে জংচনৰ হৰিজন কলনিত জন্মলাভ কৰা হেমৰাজৰ পিতৃ আছিল ৰেলৱে বিভাগৰ চিনিয়ৰ জামাদাৰ।এই পিতৃৰ পদাংক অনুসৰণ কৰিয়ে মাত্ৰ ১৬ বছৰ বয়সৰ পৰাই নগাঁও জিলাৰ চাপৰমুখ জি আৰ পি, চাপৰমুখ আৰক্ষী চকী অথবা ৰহা আৰক্ষী থানাৰ বৃহত এলেকাত মৃতদেহ উদ্ধাৰ কাম কৰি বৰ্তমানলৈকে প্ৰায় ডেৰ সহস্ৰাধিক মৃতদেহ উদ্ধাৰ কৰিছে।সৰুৰে পৰা নিৰ্ভীক আৰু স্বাধীন চেতিয়া স্বভাৱৰ হেমৰাজৰ নাছিল কোনো ঘৃণ অথবা সংকোচ। মূলত এনে কৰ্মৰ দ্বাৰা এখন সুস্থ সমাজলৈ পুতিদুৰ্গন্ধময় বায়ুৰ পৰিৱৰ্তে অলপ বিশুদ্ধ বতাহ দিবলৈ চেষ্টা কৰি অকলশৰে বিগত বিশবছৰে সমগ্ৰ অঞ্চলতে সেৱা আগবঢ়ায় আহিছে। হেমৰাজে নিজে সদায় এই কামৰ পৰা আনন্দ লাভ কৰি আহিছে। যদিও কোনো লোকে এই কৰ্মৰ বাবে অন্য দৃষ্টিৰে চাব খোজে আন কোনোৱে আকৌ হেমৰাজক উৎসাহ যোগাই আহিছে।এই কৰ্মৰ দ্বাৰা যদি কেতিয়াবা ধন লাভ কৰিছে আন কেতিয়াবা আকৌ এটকাও লাভ নকৰে।

এনে কৰ্মৰ অভিজ্ঞতা বৰ্ণনা কৰি হেমৰাজে “নিয়মীয়া বাৰ্তা”ৰ আগত কয় যে, কেতিয়াবা মৃতদেহ তুলিবলৈ যাওঁতে মৃতদেহৰ হাতৰ শিৰা সংকোচন ঘটি হেমৰাজৰ হাতত লাগি ধৰিছিল।প্ৰথমাৱস্থাত তেঁও ভয় খাইছিল যদিও পাছলৈ বিষয়টো জ্ঞাত হোৱাত সেই ভয় নাইকিয়া হৈ পৰে।তদুপৰি দিনতকৈ নিশাহে মৃতদেহ তুলিবলৈ ভালপায়। এই পেছা কোনেও ভাল নাপাই যদিও  এই পেছাৰ দ্বাৰা চাৰিটি সন্তান আৰু পত্নীৰ দ্বাৰা এখন সুখৰ সংসাৰ চলাই আছে। চিন্তনীয় বিষয় যে তেওঁৰ পাছত এই কাম কৰিবলৈ অঞ্চলটোত নাই তেনেধৰণৰ  কোনো লোক।অন্যহাতে হেমৰাজে যদিও এনেধৰণৰ কাম কৰে কিন্তু নিজ পুত্ৰ-কন্যাৰ কেৰিয়াৰৰ বাবে সদায় সচেতন। হেমৰাজৰ ভাষ্য অনুসৰি- মই যদিও শিক্ষা লাভ কৰিব নোৱাৰিলো,মোৰ পুত্ৰ-কন্যাক উচ্চ শিক্ষাৰে শিক্ষিত কৰিব বিচাৰোঁ।মোৰ কৰ্মৰ লগত সিঁহত কেইটাক কেতিয়াও জড়িত কৰাব নিবিচাৰোঁ। দেউতাকে মৃতদেহ তুলিলেও সিঁহতে সমাজত জিলিকি থাকিব লাগিব আৰু ভৱিষ্যতলৈ নিজকে জিলিকাই তোলক তাৰ বাবে সকলো কৰিবলৈ প্ৰস্তুত বুলি মন্তব্য কৰে। তদুপৰি ভৱিষ্যতে একোগৰাকী সৎ নাগৰিক হিচাপে গঢ়ি তুলিবলৈ শিক্ষা লাভৰ ক্ষেত্ৰত সকলোকে আগবঢ়াই দিছে হেমৰাজে। বৰ্তমান সময়ত জেষ্ঠ কন্যাই উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত, পুত্ৰই নৱম শ্ৰেণীত আৰু দ্বিতীয় কন্যাই চতুৰ্থ শ্ৰেণীত অধ্যয়ন কৰি আছে। উল্লেখ্য যে, চাপৰমুখ হৰিজন কলনিৰ ১৮ টাকৈ পৰিয়ালৰ ভিতৰত হেমৰাজৰ কন্যাই হ’ল একমাত্ৰ মেট্ৰিক উত্তীৰ্ণ।

Source – Niyomiabarta

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.

Related