পুঁজিবাদী সময়ত সকলোৱে এখন নতুন গাড়ী কিনিবলৈ বিচাৰে যদিও বাজেটৰ বাবে কিনিবলৈ সক্ষম নহয়।ইয়াৰ বিকল্প ৰূপে বহুলোকে অন্যৰ ব্যৱহৃত গাড়ী কিনিবলৈ মন মেলে। কিন্তু এইখিনি কথাতে মূল অসুবিধা আহি পৰে।কাৰণ এখন ব্যৱহাৰ হোৱা গাড়ী ক্ৰয় কৰাৰ ক্ষন্তেক আগতে আমি কিছুদিশ ভালদৰে লক্ষ্য কৰা দৰকাৰ।কাৰণ বৰ্তমান সময়ত বজাৰখনত এনে বহু গাড়ী আছে যিবোৰ পূৰ্বতে দুৰ্ঘটনাৰ সন্মুখীন হয় আৰু পিছত মেৰামতি কৰা হয়। তদুপৰি মেৰামতিৰ ফলত বহুতো বেয়া অংশ ডেণ্টিং-
পেইণ্টিঙৰ দ্বাৰা বেলেগ বেলেগকৈ ভাল কৰা হয়।সেয়েহে সাধাৰণ জ্ঞানৰ বাবে গাড়ীৰ বেয়া অংশৰ পৰীক্ষণ কৌশলবোৰ বাচি উলিয়াব লাগে।
ভাৰতত বৰ্তমান নতুনৰ দৰে পুৰণি গাড়ী বিক্ৰীৰ প্ৰতিষ্ঠানবোৰো তীব্ৰভাৱে গঢ় লৈছে। তদুপৰি ৰাইজৰ সুবিধাৰ বাবে অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমৰে ব্যৱহাৰ দিনক দিনে বাঢ়ি আহিছে।অনলাইন পদ্ধতি ব্যৱহাৰ কৰি বহুলোকে ঘৰৰ পৰাই নতুন বা চেকেণ্ড হেণ্ড গাড়ী ক্ৰয় কৰিব পাৰে। কিন্তু গাড়ীখন কিনিয়ে নিজৰ দায়িত্ব সামৰা সম্ভৱ নহয়।গাড়ীখন কিনি ইয়াৰ বিভিন্ন অংশ বোৰৰ যত্ন ল’ব লাগে। কাৰণ গাড়ী এখনৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি বাহিৰৰ অংশ আৰু ইঞ্জিন পৰ্যন্ত সকলো জনা দৰকাৰ । এইখিনিতে অতি গুৰুত্বপূৰ্ণ কথা হ’ল গাড়ীখনে সন্মুখীন হোৱা দুৰ্ঘটনাৰ সবিশেষ। গাড়ীখনে পূৰ্বতে কেনেদৰে দুৰ্ঘটনাৰ সম্মুখীন হৈছে সেয়া উলিওৱা আজিৰ দিনত অতি সহজ। তলত উল্লেখ কৰা কথাবোৰ মনত ৰাখি গাড়ীখনৰ দুৰ্ঘটনাৰ ইতিহাস জানিব পাৰিব।
১/এখন গাড়ীৰ চাৰ্ভিচ ৰেকৰ্ড অতি দৰকাৰী।কাৰণ ইয়াৰ দ্বাৰাই
গাড়ীখনে কত আৰু কেতিয়া দুৰ্ঘটনাৰ সন্মুখীন হৈছে সেয়া জনা যায়। গাড়ী এখনৰ চাৰ্ভিচ ৰেকৰ্ড এ গাড়ীখনৰ কোনবোৰ অংশৰ পুনৰ নিৰ্মাণ কৰা হৈছে সেয়া জনায়। গাড়ীখন সন্মুখীন হোৱা দুৰ্ঘটনাৰ সবিশেষ চাৰ্ভিচ বুকত সীমাবদ্ধ হৈ থাকে।
২/ এখন গাড়ীৰ উইণ্ডশ্বিল্ডেও গাড়ীখনে সন্মুখীন হোৱা দুৰ্ঘটনাৰ প্ৰমাণ দিব পাৰে।কাৰণ দুৰ্ঘটনাৰ পিছত গাড়ীখনৰ উইণ্ডশ্বিল্ড ভাঙি যায় অথবা ফাটি যায়। যদিহে আমি গাড়ীখনৰ উইণ্ডশ্বিল্ডত কোনো ফটা বা ভঙা চীন লক্ষ্য কৰিব পাৰো সেই গাড়ীখন পূৰ্বতে দুৰ্ঘটনাত পতিত হোৱা বুলি জনা যায়।
৩/ চাৰ্ভিছ বুক আৰু উইণ্ডস্ক্ৰীণৰ দৰে গাড়ী এখনৰ বাহ্যিক অংশও পৰীক্ষা কৰা প্ৰয়োজন ।কাৰণ দুৰ্ঘটনা হলে গাড়ীখনৰ গা-অংশত কিছু দাগ থাকি যায়। তদুপৰি গাড়ীখনৰ বাম্পাৰ আৰু কাষবোৰৰ লগতে ভিতৰৰ পৰীক্ষন সোনকালে কৰা দৰকাৰ কাৰণ ইয়াৰ দ্বাৰা বুজা যায় গাড়ীখন কিমান সুকলমে আছে।অন্যথা বেছি দাগ আৰু বিভিন্ন অংশত ডেণ্টিং-
পেইণ্টিঙৰ দ্বাৰা অধিক মেৰামতি কৰা গাড়ীখন ক্ৰয় কৰিলে ভৱিষ্যতত ভয়ানক বিপদত পৰাৰ উপৰি লাখ টকাৰ লোকচান হব পাৰে